আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলি

বিশ্বনাথ চাৰিআলিঃ মানৱ সম্পদ নিৰ্মাণ কৰাৰ খনিকৰ স্বৰূপ শিক্ষক সকলে নিজকে উজ্জ্বল কৰি ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰো ভৱিষ্যত উজ্জ্বল কৰি তোলে। শুকুৰবাৰে তিনিসুতি হাইস্কুলৰ অমায়িক, নম্ৰ, ভদ্ৰ সহকাৰী শিক্ষক মনুল কুমাৰ ওজাক ৩৯ বছৰ শিক্ষা দান কৰাৰ অন্তত আনুষ্ঠানিকভাৱে বিদায় দিয়ে বিদ্যালয় কৰ্তৃপক্ষই৷

বিদায় সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সম্বৰ্দ্ধনা সভাত বিদ্যালয় প্ৰধান তথা কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত ৰোহিণী শৰ্মাই আঁতধৰা সভাখনত  সভাপতিত্ব কৰে তিনিসুতি হাইস্কুল পৰিচালনা সমিতিৰ স্থায়ী সভাপতি ইন্দ্ৰ শৰ্মাই। সভাত বিদ্যালয় প্ৰধান ৰোহিণী শৰ্মাই নিজে ৰচিত এটি কবিতাৰ জৰিয়তে বিদায়ী শিক্ষক মনুল কুমাৰ ওজাক অভিবাদন জনায়। 

বিদায়ী শিক্ষক গৰাকীক বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক বৃন্দ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ শিক্ষক বৃন্দৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে মান পত্ৰ, চেলেং, ফুলাম গামোচা, কৰ্ম, শৰাই আদিৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বিদায়ী শিক্ষক ওজাই তেওঁৰ একাষাৰত বিদায়ী মুহূৰ্তত অধিক আবেগিক হৈ ছাত্ৰ-ছাত্ৰী সকলক নিষ্ঠা, একাগ্ৰতা, দায়িত্বসহকাৰে শিক্ষা গ্ৰহণৰ মনোবল বৃদ্ধি কৰিবলৈ দাবী জনায়। 

লগতে পোনপ্ৰথমবাৰৰ বাবে তিনিসুতিৰ নিচিনা ভিতৰুৱা অঞ্চলত হাইস্কুল নিৰ্মাণ কৰি শিক্ষাৰ পোহৰ বিলোৱা অঞ্চলটোত যাতে শিক্ষাৰ পোহৰ কমি নাযায় তাৰ প্ৰতি সকলো পক্ষকে চোকা দৃষ্টি  নিক্ষেপ কৰিবলৈ আহবান জনাইছে। ইফালে, এই বিদায় সভাত কৃতি শিক্ষক কুবেৰ শৰ্মা, সমাজ কৰ্মী হৰি শৰ্মা, প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক আব্দুল বাৰেক, ৰংগ ঢকাল, মণিৰাম ৰংহাং, প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতিদ্বয়  ভৱানী শৰ্মা, মোহন কটোৱাল, সমাজ কৰ্মী  ভোলা শৰ্মা, শিক্ষক মনোজ ছাহু,  ইন্দ্ৰ শৰ্মা, অলকা শৰ্মা, লোকনাথ উপাধ্যায়, আচিছ ঘটক, ভীমলাল শৰ্মা, স্বপন সৰকাৰ,  সুভাষ শৰ্মা, শংকৰ গুৰু জাতীয় বিদ্যালয়ৰ প্ৰধান আচাৰ্য যাদৱ তিমচিনা, আচাৰ্য জীৱন শৰ্মা, বিষ্ণু শৰ্মা, দিল কুমাৰ লিম্বু, খগেন প্ৰজা, হুছনাৰা বেগম, দিলীপ ছেত্ৰীকে ধৰি বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।