photo source: internet
photo source: internet
♦ ভৱেন সোণোৱাল,  
যুটীয়া সম্পাদক, যুৱ-ছাত্ৰ পৰিষদ, ডিব্ৰুগড় জিলা কমিটি

 বৰ্তমান প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব হিচাপে পৰিচিত জুবিন গাৰ্গৰ কণ্ঠ সঁচাকৈয়ে মানিবলগীয়া। তেখেতৰ কণ্ঠ আৰু সৃষ্টিশীলতাক মই সদায় সন্মান আৰু স্বীকাৰ কৰিম।

কিন্তু জুবিনে বিহু মঞ্চ বিলাকত কৰি অহা উদ্ভণ্ডালি বা নুনমাটি বিহু মঞ্চত হিন্দী গীত গায় বিতৰ্কৰ জৰিয়তে নিজকে প্ৰচাৰ কৰিব বিচৰা কাৰ্যক নিন্দা কৰিছো। এইসকল কণ্ঠ শিল্পীৰ বাবে আয়োজক সমিতিয়ে বহু কষ্ট কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি দিয়ে।

কেৱল টকাৰ বাবেহে গীত গোৱা জুবিন বা অন্য শিল্পী সকলক মোটা অংকৰ ধনৰাশিৰে নিশাটোৰ নিৰ্দিষ্ট সময়ৰ বাবে একপ্ৰকাৰ কিনি লোৱা হয়। তাৰ পাছতো আয়োজক সমিতিৰ মতৰ বিপৰীতে সেই শিল্পীয়ে মোৰ যি মন যায় তাকেই কৰিম বুলি কোৱাটো অতি হাস্যকৰ।

আনহাতে বহিৰাগত ভাষা-প্ৰব্ৰজনৰ প্ৰভাৱত বৰ্তমান অসমীয়া ভাষা-সংস্কৃতি সংকটৰ গৰাহত। এই ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত লাখ লাখ অনুৰাগীৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই বিহুৰ দিনকেইটাত অন্ততঃ বিশেষ ভূমিকা লব পাৰে। অসমীয়া হিচাপে এয়া আমাৰ বিশ্বাস।

কিন্তু তাকে নকৰি কেৱল প্ৰচাৰৰ নামত অমূলক বিতৰ্ক বা অসমীয়া জনসমষ্টিৰ মাজত বিচ্ছিন্নতা বাতাবৰণ সৃষ্টি কৰিব পৰা এনেধৰণৰ কাণ্ডক, কেতিয়াও মানি ল'ব নোৱাৰো। কাৰণ, এই বিষয়টোক লৈ সংবাদ মাধ্যমত ইতিমধ্যে অসমীয়াৰ মাজত দুটা ফৈদত বিভক্ত হোৱা দেখা গ'ল।

তেখেতে মনত ৰখা ভাল যে, যি হিন্দী বলয়ৰ বাবে ১৫ হাজাৰতকৈও অধিক অসমীয়া নিধন হ'বলগীয়া হ'ল।বিহুৰ অনুষ্ঠানত অন্ততঃ ৰাইজৰ অনুৰোধ অনুসৰি হিন্দী পৰিৱেশন ৰোধ ৰক্ষা কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। কাৰণ এই 'বাপতি সাহোন ৰঙালী বিহু'ৰ সৈতে অসমীয়া জাতিৰ পৰিচয়ৰ প্ৰশ্ন জড়িত হৈ আছে।

সেইবুলি জুবিন গাৰ্গক অন্যান্য সময়ত হিন্দী গাব নালাগে বুলি আমি কোনোদিনে কোনো কোৱা নাই আৰু নকও। বৰঞ্চ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিটো সৃষ্টিক লৈ আমি প্ৰতিজন অসমীয়াই গৌৰৱবোধ কৰো। শিল্পৰ জৰিয়তে তেওঁ যাতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হয় তাৰ কামনা প্ৰতিজন অসমীয়াই কৰে।

(এই মন্তব্য সম্পূৰ্ণৰূপে লেখকৰ নিজা মতামত। ইয়াৰ সৈতে newsnextone.comৰ কোনো সম্পৰ্ক নাই।)