নতুন দিল্লীঃ দেশত বৃদ্ধি পাই অহা বায়ু প্ৰদূষণৰ বিষয়োটোত কোনো কাৰণতে আপোচ নকৰে উচ্চতম ন্যায়ালয়ে। সেয়ে অৱশেষত বাহন নিৰ্মাণকাৰী কোম্পানীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে৷ এপ্ৰিলৰ প্ৰথম তাৰিখৰপৰা ভাৰত ষ্টেজ ৩ৰ বাহন বিক্ৰী কৰিব নোৱাৰিব কোনো কোম্পানীয়ে। 

গাড়ীৰ লাভ-লোকচানতকৈও গুৰুত্বপুৰ্ণ বিষয় হৈছে নাগৰিকৰ স্বাস্থ্য-  নিৰ্দেশ জাৰী কৰাৰ সময়ত এই মন্তব্য কৰে ন্যায়াধীশ মদন কুমাৰ আৰু দীপক গুপ্তাৰ বিচাৰপীঠে৷ গাড়ীৰ ধোৱাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বেছি হোৱা হেতুকে নাগৰিকে জীয়াতু ভুগিবলগা হৈছে বুলি কয় বিচাৰপীঠে৷

সেয়ে ভাৰত ষ্টেজ-৩ ৰ বাহনৰ পঞ্জীয়ন বন্ধ কৰাৰ বাবে চৰকাৰক নিৰ্দেশ দিয়ে বিচাৰপীঠখনে৷ এপ্ৰিলৰ প্ৰথমটো দিনৰপৰাই ভাৰত ষ্টেজ-৪ ৰ গাড়ীসমূহ কাৰ্যকৰী কৰা হ’ব বুলি আদালতে জনায়৷

উল্লেখ্য যে ইতিমধ্যে মজুত হৈ থকা বাহনবোৰ বিক্ৰী কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে ন্যায়ালয়ৰ ওচৰত আবেদন দাখিল কৰিছিল যদিও সেয়া পোনচাটে নাকচ কৰিছিল ন্যায়ালয়ে৷ উল্লেখ্য যে ২০০৫ আৰু ২০১০ চনতে ভাৰত ষ্টেজ-৩ ৰ বাহনবোৰৰ ষ্টক খালী কৰোৱাৰ বাবে সতৰ্ক কৰি দিছিল গাড়ীৰ কোম্পানীবোৰক৷ কিন্তু কোম্পানীবোৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল৷

এতিয়া বিপাঙত পৰিছে কোম্পানীবোৰ৷ উল্লেখ্য যে ভাৰত ষ্টেজ ৩ৰ ৭০০০ কোটিৰো ওপৰত দুচকীয়া, চাৰিচকীয়া বাহন ইতিমধ্যে মজুত হৈ আছে। দুদিনত ইমান কোটি টকাৰ বাহন বিক্ৰী কৰিবপৰা যাব নে নাই, সেই কথাক লৈ সন্দিহান হৈ পৰিছে কোম্পানীবোৰ। এইক্ষেত্ৰত বিবুদ্ধিত পৰিছে দুচকীয়া বাহনৰ কোম্পানীবোৰ। কিয়নো মজুত বাহনৰ ভিতৰত দুচকীয়া বাহনৰ সংখ্যাই অধিক।

তাৰে মাজতে বাজাজ অটোৰ অধিকাৰী ৰাজীৱ বাজাজ ন্যায়ালয়ৰ এই সিদ্ধান্তত উৎফুল্লিত হোৱা দেখা গৈছে৷ ‘এয়াই আমাৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যতৰ বাবে উপযুক্ত সময়’- এই মন্তব্য কৰে ৰাজীৱ বাজাজে৷

ইফালে দেশৰ বাহিৰত বজাৰ নথকা কোম্পানী যেনে টাটা মটৰচ আৰু মহিন্দ্ৰা আদিয়ে এইক্ষেত্ৰত লোকচানৰ সমুখীন হ’ব বুলি অনুমান কৰা হৈছে৷