ডিজিটেল ডেস্কঃ আঠ বছৰীয়া প্ৰেমৰ অন্তত বিবাহত বহিবলৈ সাজু হৈছে জনপ্ৰিয় কমেডিয়ান অভিনেত্ৰী ভাৰতী সিঙে। টেলিভিচন পৰ্দাৰ ৰিয়েলিটি শ্ব’ৰ যোগেৰে কমেডিয়ান হিচাপে প্ৰতিষ্ঠা লাভ কৰা চুটি চাপৰ শকত ছোৱালী জনী এতিয়া হ’বলৈ ওলাইছে এঘৰৰ বোৱাৰী আৰু কাৰোবাৰ পত্নী৷

CLICK ►নিষিদ্ধ হ'ব পাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি!

ভাৰতীৰ সপোনৰ পুৰুষ জন আন কোনো নহয়, তেও হৈছে ভাৰতীৰ সতে একেলগে কাম কৰা চোনী টিভিত সম্প্ৰচাৰ হোৱা জনপ্ৰিয় কমেডি শ্ব’ ‘কমেডি নাইটচ বাচাউ’ৰ স্ক্ৰিপ্ট ৰাইটাৰ হৰ্ষ লিম্বচিয়া৷ 

বিগত কেইবাবছৰো ধৰি একেলগে কাম কৰি দুয়ো দুয়োৰে প্ৰেমত পৰে৷ কমেডিয়ান ভাৰতী সিঙতকৈ বয়সত কিছু বছৰ সৰু হলেও কিন্তু এই ভালপোৱা যথেষ্ট গভীৰ৷ যাৰ বাবে সুদীৰ্ঘ আঠ বছৰৰ প্ৰেমৰ অন্তত এতিয়া ভাৰতী আৰু হৰ্ষই যুগ্ম জীৱন আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে৷

CLICK ►নিষিদ্ধ হ'ব পাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি!

অৱশ্যে ভাৰতী আৰু হৰ্ষৰ ভালপোৱা বিগত সময়ত গোপনেই আছিল৷ দুয়োকে একেলগে বহু কম অনুষ্ঠানত হে দেখিবলৈ পোৱাৰ বিপৰীতে ভাৰতীয়েও সদায় নিজৰ প্ৰেমিকৰ কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছিল৷ 

শেহতীয়াকৈ বিয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পাছত হৰ্ষ আৰু ভাৰতীৰ কেইখন বিশেষ ফটো ছচিয়াল মিডিয়াত প্ৰচাৰ কৰাত সেয়া হৰ্ষ-ভাৰতীৰ ৰিং চেৰেমনিৰ ফটো বুলি ভাইৰেল হৈ পৰিছে৷

CLICK ►নিষিদ্ধ হ'ব পাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি!

আনহাতে এই ফটো কেইখন সন্দৰ্ভত ভাৰতীয়ে এখন দৈনিক বাতৰি কাকতত দিয়া এক সাক্ষাৎকাৰত কয় যে এয়া তেওঁলোকতৰ ৰিং চেৰেমনিৰ ফটো নহয়, এয়া বিবাহৰ প্ৰাক মুহূৰ্তৰ ‘ৰোকা’ নামৰ অনুষ্ঠানত তোলা ফটো হে৷ ‘ৰোকা’ হৈছে বিবাহৰ পূৰ্বৰ এক মাংগলিক অনুষ্ঠান, য’ত বিয়াৰ দিন বাৰ আদি ঠিক কৰা হয়৷

বিয়া সন্দৰ্ভত ভাৰতীয়ে সাক্ষাৎকাৰত কয়- ‘‘প্ৰত্যেক ছোৱালীৰে এদিন বিয়া হৈ কাৰোৱাৰ ঘৰৰ বোৱাৰী আৰু কাৰোৱাৰ সপোনৰ কুঁৱৰী হ’বলৈ মন থাকে৷ থিক তেনেদৰে মোৰো এটা মন আছে৷ মই বহু বছৰ এগৰাকী টিভি কমেডিয়ান হিচাপে মানুহক হহুৱালো’৷ এতিয়া মই নিজকে এগৰাকী ৰুটী বনাই থকা সু গৃহিনী ৰূপে চাব বিচাৰো৷’’ 

CLICK ►নিষিদ্ধ হ'ব পাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি!

আনহাতে ভাৰতীয়ে প্ৰেমিক পুৰুষ হৰ্ষৰ বিষয়ে সাক্ষাৎকাৰত কয়- ‘‘হৰ্ষ এজন মৰম আকলুৱা ব্যক্তি৷ সি এজন পৰিপক্ক আৰু শান্ত স্বভাৱৰ ব্যক্তি৷ মোৰ বিশ্বাস সি সদায় মোক সুখত ৰাখিব৷’’ সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে হ’বলগীয়া হৰ্ষ-ভাৰতীৰ বিয়াৰ বাবে ৩০ নম্বেবৰ, ৩ আৰু ৬ ডিচেম্বৰৰ তিনিটা তাৰিখ ঠিক কৰা হৈছে যদিও এতিয়ালৈকে সঠিককৈ কোনো এটা তাৰিখত মোহৰ লগোৱা হোৱা নাই৷ 

CLICK ►নিষিদ্ধ হ'ব পাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি!

কিন্তু অতি শীঘ্ৰেই ভাৰতীক কইনা সাজত দেখা পোৱা যাব সেইটো নিশ্চিত৷ আনফালে বিয়াখনক লৈ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং অত্যন্ত সুখী হৈ পৰা পৰিলক্ষিত হৈছে৷