newsnextone.com | ডিজিটেল ডেস্কঃ জি-টিভিৰ ‘জজবাত’ নামৰ নতুন অনুষ্ঠানl অতিথি হিচাপে উপস্থিত থাকি মহিলা কমেডিয়ান ভাৰতীয়ে নিজৰ জীৱন সম্পৰ্কে বহু কথাই প্ৰকাশ কৰে৷ অনুষ্ঠানটো পৰিচালনা কৰা ৰাজীৱে ভাৰতীক সুধিছিল আপোনাৰ মাতৃয়ে আপোনাক লৌ গৌৰৱ কৰে? তেতিয়া ভাৰতীয়ে কৈছিল মোৰ মাতৃয়ে বিচৰা নাছিল মোৰ জন্ম হওঁক৷

ভাৰতীয়ে কয় ‘‘মোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া কাৰণে মাতৃয়ে মোক জন্মৰ পূৰ্বে গৰ্ভপাত কৰিব খুজিছিল৷ কিন্তু তেনেকুৱা নকৰিলে৷ কিন্তু আজি তেওঁ মোক লৈ গৌৰৱ কৰে৷ এবাৰ মই অনুষ্ঠান কৰিব যোৱাৰ পূৰ্বে মাতৃ আইচিইউত আছিল৷ কিন্তু মায়ে মোক অনুষ্ঠানলৈ পঠিয়াই দিছিল৷’’

‘জজবাত’ নামৰ অনুষ্ঠানত টিভি জগতৰ জনপ্ৰিয় লোকক মাতি আনি বিশেষ কিছুমান প্ৰশ্ন কৰা হয়৷