গুৱাহাটীঃ ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ অপদস্ত অভিনেত্ৰী। ২০১৯-২০ নাট্যবর্ষৰ বাবে আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্যগোষ্টী বৰদৈচিলা থিয়েটাৰত আনুষ্ঠানিক ভাৱে চুক্তিবদ্ধ হোৱা জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তক অনানুষ্ঠানিকভাৱে চুক্তি বাতিল কৰিছে বৰদৈচিলা থিয়েটাৰৰ প্ৰয়োজক নজৰুল ইছলামে।

এই সন্দৰ্ভত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি কান্দোনত ভাগি পৰে। তেওঁ কয় যে আজি মই সংবাদ মেল সম্বোধন কৰিব লগা হোৱাটো মোৰ বাবে দুৰ্ভাগ্যজনক কথা। মোৰ সংবাদ মেল ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে নহয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ সপক্ষে মোৰ এই সংবাদ মেল। তেওঁ সমগ্ৰ বিষয়টো বৰ্ণনা দি কয় যে বিগত সাত বছৰৰ বিৰতিৰ পাছত যোৱা বর্ষৰপৰা ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ আত্মপ্ৰকাশ কৰিছিলোঁ। 

সেই অনুসৰি যোৱা বর্ষৰ হেঙুল থিয়েটাৰত থকাৰ পাছত ২০১৯-২০ নাট্যবর্ষৰ বাবে চুক্তিবদ্ধ হৈছিলোঁ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্টী বৰদৈচিলা থিয়েটাৰত৷ কিছুদিনৰ পূৰ্বে থিয়েটাৰখনৰ এইবর্ষৰ দুখন নাটকৰ ফটো, ভিডিঅ' ইতিমধ্যে শ্বুট কৰা হৈছিল। তাৰে এখন নাটকৰ ভিডিঅ’ আৰু ফটো শ্বুট কৰোতে মোৰ কোনো আপত্তি নাছিল। কাৰণ মই ফটো আৰু ভিডিঅ ছোট কৰোতে বুজি পাইছিলোঁ নাটক খনৰ চৰিত্ৰতো কেনেকুৱা হ'ব। কিন্তু অন্যখন নাটকৰ ফটো আৰু ভিডিঅ' শ্বুট কৰোতে মোৰ অলপ আপত্তি আছিল। কাৰণ মই সেই নাটকখনৰ বাবে ফটো আৰু ভিডিঅ' শ্বুট কৰোতে বুজি পোৱা নাছিলোঁ নাটকখনৰ চৰিত্ৰটো কি হ'ব। 

কিন্তু ভিডিঅ' আৰু ফটো শ্বুট কৰোতে এটা কথা অনুমান কৰিছিলোঁ নাটকখনৰ চৰিত্ৰটো পূৰ্বৰ বছৰ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে কিছু মিল থকা। তাৰ পাছতে নাটকখনৰ চৰিত্ৰটো বুজি উঠাৰ বাবে পৰিচালকক নাটকখনৰ স্ক্ৰিপ্ট বিচৰা হ'ল। কিন্তু পৰিচালকে নাট্যকাৰক নোসোধাকৈ স্ক্ৰিপ্ট দিব নোৱাৰে বুলি তেওঁ জনালে। লগতে জনালে পূৰ্বতে ভ্ৰাম্যমাণত স্ক্ৰিপ্ট কোনেও বিচৰা নাই। প্ৰথম ময়েই বিচাৰিছোঁ বুলি। কিন্তু অভিনেত্ৰী দত্তই প্ৰকাশ কৰা অনুসৰি পূৰ্বতে ভ্ৰাম্যমাণ থিয়েটাৰত ভৱেশ বৰুৱা আৰু হেমন্ত দত্তই স্ক্ৰিপ্ট পঢ়ি চাবলৈ মোক দিছিল। তাৰ বাবে মই স্ক্ৰিপ্ট পঢ়ি নোচোৱাকৈ বিশেষকৈ মই মোৰ নিজৰ চৰিত্ৰটো বুজি নুঠাকৈ ফটো আৰু গানৰ শ্বুট কৰাৰ বাবে আগ্ৰহী নাছিলোঁ। 

কাৰণ মই এটা কথা জানো চৰিত্ৰটো হততা আৰ দৃঢ়তাৰে কৰিব লাগিব। দর্শকসকলে মোৰ অভিনয় চাবৰ বাবে আহিব। মই মোৰ চৰিত্ৰটো ফুটাই তুলিব লাগিব। সেই বাবে মই বুজি নোপোৱা চৰিত্ৰৰ স্ক্ৰিপ্টখন বিচাৰিছিলোঁ। তাৰ পাছত দুটা দিন ফটোশ্বুট আৰু ভিডিঅ' শ্বুট বন্ধ আছিল। 

পুনৰ যোৱা ১২ জুনত নাট্যগোষ্ঠীৰপৰা তেওঁক যোগাযোগ কৰি ভেলালৈ মাতি পঠালে। তালৈ যোৱা পাছত অভিনেত্ৰীগৰাকীক স্ক্ৰিপ্টটো পঢ়ি চাবলৈ দিলে। চৰিত্ৰটো পঢ়ি তেওঁ জানিবলৈ দিলে পূৰ্বৰ বর্ষত তেওঁ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে বৰদৈচিলা থিয়েটাৰত এইবর্ষত তেওঁ কৰিব লগা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য 'মহীয়সী' নাটকখন ৯০% সাদৃশ্য আছে। তেতিয়া তেওঁক সাদৃশ্য থকা চৰিত্ৰসমূহ উলিয়াই দিবলৈ ক'লে। সেই কথা মানি তেওঁ তাতে প্ৰায় ২৯ টাকৈ সংলাপৰ সাদৃশ্য উলিয়াই দিলে। 

তাৰ পাছত প্ৰদীপ দাস নামৰ এগৰাকী নাট্যগোষ্টীৰ লগত জড়িত থকা ব্যক্তিক সাদৃশ্য সমূহ দেখোৱাত তেওঁ অভিনেত্ৰীগৰাকীৰ সৈতে একমত হ’ল। তাৰ পৰৱৰ্তী সময়ত প্ৰদীপ দাসে মিল থকা সংলাপসমূহ নাট্যকাৰক দেখোৱাবৰ বাবে লৈ গ'ল। তাৰ দুদিনৰ পাছত বৰদৈচিলা থিয়েটাৰৰ  প্ৰযোজক নজৰুল ইছলামে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক ফোন যোগে জনালে কোনো কাৰণতে সলনি নহয় নাটক। এতিয়া তুমি কি সিদ্ধান্ত লোৱা জনাব লাগে। ফোনটো পোৱা পাছত অভিনেত্ৰী গৰাকীয়ে প্ৰয়োজক নজৰুল ইছলামক দুদিন সময় বিচাৰিলে। কিন্তু অভিনেত্ৰী গৰাকীয়ে সন্তানৰ স্বাস্থ্য সংক্রান্তিয় কাৰণত উক্ত দুদিনত জনাব নোৱাৰাত তিনিদিনৰ পাছত নাট্যগোষ্টীতোৰপৰা দুজন প্ৰতিনিধি অভিনেত্ৰী গৰাকী ঘৰলৈ পঠিয়াই প্ৰয়োজকে।

প্ৰতিনিধি দুজনে অৱগত কৰে বৰদৈচিলাৰ নাট্যগোষ্টীৰ সৈতে থকা তেওঁ চুক্তি বাতিল হৈছে। সেই খবৰ পোৱাৰ লগে লগে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই প্ৰযোজক ইছলামলৈ ফোন কৰাত তেওঁ কয় "তুমি যথেষ্ট সময় ল'লা। ফটো শ্বুট আৰু ভিডিঅ' ৰেকৰ্ডিং কাম কৰাৰ বাবে আমাৰ পলম হৈছে। তাৰ বাবে তোমাৰ লগতে চুক্তি বাতিল কৰা হৈছে"। সেই কথা প্রয়োজক গৰাকীৰপৰা পোৱাৰ পাছত অভিনেত্ৰী গৰাকীয়ে কয় আনুষ্ঠানিকভাৱে কৰা চুক্তি এখন এনেদৰে ভংগ হ'ব পাৰে নিকি? তেতিয়া প্ৰযোজক নজৰুল ইছলামে কয় "আজি কালি এনেদৰেই ভংগ হব চুক্তি"।

গুৰুত্বপূৰ্ণ কথা এই যে তেওঁ দর্শক সকলক উদ্দেশ্য কৰি যি সকলে ২০১৯-২০ বর্ষৰ বাবে বৰদৈচিলা থিয়েটাৰ মই থকা বুলি জানি ইতিমধ্যে বুকিং কৰিছে সেই সকলে মোক ক্ষমা কৰি দিব এই বর্ষ মই বৰদৈচিলা সৈতে নাই। ইয়াৰ উপৰি তেওঁ কয় চুক্তিবদ্ধ হোৱাৰ পাছতো মোৰ চুক্তি বাতিল হোৱাৰ অন্তৰালত যদি কাৰোবাৰ আক্ৰমণৰ বলি হৈছো নাজানো। কিন্তু এটা কথা ঠিক বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হোৱাৰ পাছত বহুত কাম কৰিবলৈ সুবিধা পাইয়ো বাদ দিছিলোঁ।