newsnextoneৰঙিয়া ১১অক্টোৱৰঃ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ৰঙিয়াত এজন বাইক আৰোহীক ভূটান সেনাৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত বাইক আৰোহীজনে মৃত্যুক আকোৱালী লোৱা ঘটনাত সমগ্ৰ অঞ্চলতে গভীৰ শোঁকৰ ছাঁ পৰে । 

ঘটনাৰ বিষয়ে জানিৱ পৰামতে আজি দিনৰ প্ৰায় ১২.৩০ মান বজাত ভূটান অভিমূখে যোৱা সেনাৰ গাড়ী খনে বাইকৰে গৈ থকা ব্যক্তি দুজনক খুন্দা মাৰে ফলত বাইক খনৰ পিচফালে থকা  নবিন দাস (৫০) নামৰ ব্যক্তিজন নিহত হয় । স্থানীয় ৰাইজে সেনাৰ গাড়ীখন আগুছি ধৰি আৰক্ষীক গতাই দিয়ে । জানিৱ পৰা মতে মৃত ব্যক্তিজন কমলপুৰ আঠগাঁওৰ । 

প্ৰেৰকঃনছিউৰ ৰহমান,ৰঙিয়া ।