ডিজিটেল ডেস্কঃ আইছিছক লক্ষ্য কৰি আফগানিস্তানত বৃহৎ অ-পাৰমাণৱিক আক্ৰমণ সংঘটিত কৰিছে আমেৰিকাই। স্থানীয় সময় অনুযায়ী সন্ধিয়া ৭.৩২ বজাত মাৰ্কিন সেনাই দেশখনৰ নানগাৰহাৰ প্ৰদেশৰ আচিন জিলাত আইছিছে গোপনে স্থাপন কৰা সুৰংগ শিবিৰক লক্ষ্য কৰি এই আক্ৰমণ চলায়।

আইছিছ বিৰোধী এই অভিযানত ব্যৱহাৰ কৰা হৈছে জি বি ইউ-৪৩/বি বোমা। এখন বিশেষ মাৰ্কিন সামৰিক বিমানেৰে উক্ত সুৰংগ ঘাটিক লক্ষ্য কৰি সংঘটিত কৰা হয় এই আক্ৰমণ।

মাডাৰ অব অল বম্বছ নামেৰে খ্যাত জি বি ইউ-৪৩/বি বোমাৰে সংঘটিত কৰা এই আক্ৰমণত আইছিছৰ সুৰংগ শিবিৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে এই বোমাটোৰ ওজন হৈছে ১১ হাজাৰ কিলোগ্ৰাম। জি পি এছ নিয়ন্ত্ৰিত বোমাটো আমেৰিকাই এইবাৰেই প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে। 

অ-পাৰমাণৱিক এই বোমাৰে আক্ৰমণ সংঘটিত কৰা আফগানিস্তানৰ উক্ত অঞ্চলটো পাকিস্তানৰ সীমান্তৱৰ্তী বুলি সদৰী কৰিছে পেণ্টাগনৰ সূত্ৰই। 

আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে এই আক্ৰমণৰ ফলত ৩৬জন আইছিছ সদস্য নিহত হৈছে।