পাঞ্জাবাৰীঃ মহানগৰীৰ পাঞ্জাবাৰী বতাহঘুলিত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ১৯ তম্ পূৱ-বতাহঘূলী ৰঙালী বিহু উদযাপন কৰা হয়। উদযাপন সমিতিৰ সভাপতি কুশৰাম বৰাই পুৱা বিহুৰ পতাকা উত্তোলন কৰাৰ পিছত ছাত্র-ছাত্ৰী, শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

সন্ধিয়া বটা-বিতৰণী সভা সমাপন কৰা হয়। নিশা বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াত গায়িকা শতাব্দী বৰাৰ লগতে সূদ্বীপা ৰয়সহ বহু শিল্পীয়ে গীত পৰিৱেশন কৰে। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অনল শেখৰ কলিতাৰ লগতে বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে ৰাইজৰ সহায়-সহযোগিতা,গঠনমূলক দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰে।