বিলাসীপাৰাঃ ৪ নং ধুবুৰী লোকসভা নিৰ্বাচনক লৈ কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ ধুবুৰী জিলা young Brigad সেৱা দল সভাপতি আতোৱাৰ ৰহমানৰ নেতৃত্বত শগুণমাৰী গাঁও পঞ্চায়তত বুধবাৰে ৰাতিপুৱা ১১ মান বজাৰপৰা ৪ বজালৈকে বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলায়। 

যদিও young Brigad সেৱা দলৰ সভাপতি আতোৱাৰ ৰহমানে সাংবাদিকৰ আগত কয় যে আমাৰ শগুণমাৰী গাঁও পঞ্চায়তত ৯০% ভোটৰ ৰাইজে কংগ্ৰেছ দলক ভোট দিব। অকল শগুণমাৰী গাঁও পঞ্চায়তেই নহয় প্ৰত্যক গাঁও পঞ্চায়তেই একে অনুপাতেই ভোট লাভ কৰিব কংগ্ৰেছ দলৰ আবু তাহেৰ বেপাৰীয়ে বুলি মত প্ৰকাশ কৰে সভাপতি আতোৱাৰ ৰহমানে। 

ইয়াৰ উপৰিও ৰহমানে ভাষনত কয় যে ধুবুৰী ফুলবাৰী ব্ৰিড়িছ আৰু ৰূপসী বিমান ঘাঠি স্থাপনৰ কাম কংগ্ৰেছ চৰকাৰৰ আমোলতহে আৱন্টন হৈছে সেইটো বদৰ উদ্দিন আজমলৰ আমোলত হোৱা নায়। এইটো এটা মিছা প্ৰলোভনৰে ৰাইজৰ ভোট লোৱা ৰণকৌশল আজমলৰ। দহ বছৰ সাংসদ হোৱাৰ পিছত আজমলে সমষ্টিৰ কি উন্নয়ন কৰিলে আজমলে সমষ্টিৰ একো উন্নয়ন কৰা নাই বুলি ৰাইজক সদৰী কৰে য়ং ব্ৰিগেড সেৱা দল সভাপতি আতোৱাৰ ৰহমানে৷