জহিৰুল ইচলাম, বিলাসীপাৰা

বিলাসীপাৰাঃ বৃহস্পতিবাৰে সন্ধিয়া পাঁচ বজাত বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানা এলেকাৰ বগৰীবাৰী খোৰাঘাট গাঁৱত ইউনাইটেড পিপোল'চ পাৰ্টী লিবাৰেলৰ এখন দলীয় কৰ্মী সভা অনুষ্ঠিত হৈ যায়। 

উক্ত সভাত মহামায়া আঞ্চলিক কমিটিৰ সভাপতি নীলমণি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আগন্তুক বি টি চি পৰিষদীয নিৰ্বাচনৰ সম্পৰ্কে বিভিন্ন দিশ তথা দলীয় নীতি নিয়মৰ ওপৰত ভাষণ দিয়ে পবতঝোৰা জিলা সভাপতি উত্তম হাজোৱাৰী আৰু অমৰ শ্ইকীয়াই। 

সভাত শতাধিক দলীয় নেতা কৰ্মী আৰু ৰাইজ উপস্থিত থাকে।