বিলাসীপাৰাঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কৃষকসকলক অতি সোনকালে শস্য উৎপাদন কৰাই লাভান্বিত কৰাৰ লগতে বিভিন্ন ধৰণৰ সা-সঁজুলিৰে সুবিধা আগবঢ়াই আহিছে।

দেওবাৰে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাকামাত ধান ৰোৱা মেচিনৰ ব্যৱহাৰৰ পদ্ধতি সম্পর্কে ৰাইজৰ আগত ব্যৱহাৰিক পদ্ধতি প্ৰদৰ্শন কৰে। প্ৰায় ২ লাখ ৫০ হাজাৰ টকাত উপলব্ধ উক্ত মেচিনটোৱে এটা নিৰ্দিষ্ট মাপত অতি সহজে ১ কিঃ গ্ৰাঃ পেট্ৰলৰদ্বাৰা ১৫ বিঘা মাটিত ধান ৰুব পাৰে। 

ধুবুৰী জিলাত পোন প্ৰথমবাৰৰ বাবে এই মেচিনৰ প্ৰদৰ্শন কৰি কৃষকসকলক এক নতুন আশাৰ বতৰা আৰু আনন্দৰ সংবাদ প্ৰদান কৰে।