ডিজিটেল ডেস্কঃ সাধাৰণ মানুহে দৌৰে দেৱী লক্ষ্মীৰ পিছত কিন্তু সু প্ৰসন্ন লক্ষ্মীৰ কৃপা যেন বিৰাটৰ ওপৰতহে ৷ দেশৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ জীৱনত যেন কৃতিত্বৰ সোত বৈছে। যেন সুখে ঘৰ পাতিছে। এটাৰ পিছত এটাকৈ ক্ৰিকেটৰ অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ পিছত এইবাৰ ভাৰতীয় দলৰ অধিনায়ক গৰাকীৰ দৰ বাঢ়িছে ছচিয়েল মিডিয়াত৷

ছচিয়েল মিডিয়াত জনপ্ৰিয়তা বঢ়াৰ লগে লগে বিজ্ঞাপন জগতটো কদৰ বাঢ়িছে বিৰাটৰ৷ তেওঁৰ ইনষ্টাগ্ৰামত ডেৰ কোটি, টুইটাৰত দুই কোটি আৰু ফেচবুকত তিনি কোটি ষাঠি লাখ অনুৰাগী আছে৷ সেই কাৰণতেই  ছচিয়েল মিডিয়াত এটা মাথো পোষ্ট কৰাৰ বাবদ অধিনায়কগৰাকীয়ে লাভ কৰে তিনি কোটি বিশ লাখ টকা৷

সম্প্ৰতি এই তথ্য প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় আলোচনী ফোৰ্বচ আলেচনী খনে৷ আলেচনীখনৰ মতে, ছচিয়েল মিডিয়াত কোনো কথা নতুবা ফটো প্ৰকাশ কৰাৰ বাবে একে পৰিমাণৰ অৰ্থ লাভ কৰে পৰ্তুগালৰ বিশ্ববিখ্যাত ফুটবলৰ নক্ষত্ৰ ক্ৰিস্তিয়ানো ৰোনাল্ডোৱে৷

ফোৰ্বচ আললোচনীয়ে পূৰ্বতে প্ৰকাশ  কৰা বিশ্বৰ শীৰ্ষক ক্ৰীড়াবিদৰ তালিকাত একমাত্ৰ ক্ৰিকেটাৰ হিচাপে স্থান পাইছিলে কোহলিয়ে৷ সেই সময়ত তালিকা খনৰ সাত নম্বৰ স্থানত আছিল তেও৷ কিন্তু এইবাৰ শ্ৰেষ্ঠ গল্ফ খেলুৱৈ ৰোৰি ম্যাকইলৰ আৰু এনবিএ চেম্পিয়ন ষ্টিফেন কাৰিককো চেৰ পেলায় আগবাঢ়িল বিৰাট৷ তালিকাখনৰ শীৰ্ষত আছে কমেডিয়ান কেভিন হাৰ্ট৷ তেওঁ ছচিয়েল মিডিয়াত এটা বিজ্ঞাপনৰ বাবদ লাভ কৰে ছয় কোটি চল্লিশ লাখ টকা৷