গুৱাহাটীঃ বাৰ্ড ফ্লু বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত চীনৰ দক্ষিণ প্ৰান্তৰ প্ৰদেশ হুনানৰ শ্বাওয়াং চহৰত ১৮,০০০ৰো অধিক কুকুৰা নিধন কৰিছে চীনা প্ৰশাসনে। উক্ত বাতৰিৰ আলম লৈ এতিয়া ছ’চিয়েল মিডিয়াত কৰ’না ভাইৰাছ সন্দৰ্ভত বিয়পি পৰিছে একাধিক খবৰ। কেৱল ছ’চিয়েল মিডিয়াই নহয়, বহু সংখ্যাক সংবাদ প্ৰতিষ্ঠানেও প্ৰকাশ কৰা দেখা গৈছে এনেধৰণৰ বাতৰি। 

হিন্দীৰ লগতে শেহতীয়াকৈ অসমীয়া ভাষাতো অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজত বিয়পিছে এনে খবৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে এটা খবৰত দাবী কৰা হৈছে যে ব্ৰইলাৰৰ মাংসৰ পৰাও কৰ’না ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছে। সতৰ্কবাণী হিচাপে প্ৰচাৰ হোৱা উক্ত খবৰটোত সেয়ে কৰ’না ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ ব্ৰইলাৰ মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে।

ব্ৰইলাৰৰ মাংসক লৈ ভাইৰেল পোষ্টৰ কি দাবী?

ব্ৰইলাৰৰ মাংস খালে কৰ’না ভাইৰাছ হ’ব বুলি দাবী কৰা হিন্দীত ভাইৰেল হৈ পৰা পোষ্টটোত উল্লেখ আছে এনেদৰে, 'BOILER CHICKEN ME KORONA VIRUS KO PAYA GAYA HAI. TAMAM LOGO SE APPEAL KI JATI HAI KE BOILER KE GOSHT KA ISTEMAL NA KARE…. MUSLIM COMMUNITY MUMBAI. KHAR. DUAA KI Appeal.” 

পোষ্টটোৰ অসমীয়া অৰ্থ হৈছে, 'ব্ৰইলাৰ মুৰ্গীত কৰ’না ভাইৰাছ পোৱা গৈছে। সকলোকে আহ্বান জনাইছো যাতে কোনেও ব্ৰইলাৰৰ মাংস নাখায়।- মুছলিম কমিউনিটি, খাৰ, মুম্বাইৰ জনহিতাৰ্থে আহ্বান।

একেদৰে Jits Scenic নামৰ এজনে ফটোসহ ফেচবুকত ইংৰাজীত আপলোড কৰা পোষ্ট এটা ভাৰতৰ অধিকাংশ ঠাইৰ লোকেই শ্বেয়াৰ কৰা দেখা গৈছে। অসমতো উক্ত পোষ্টটোৰ স্ক্ৰীণশ্বট কোনো কোনো লোকে হোৱাটছএপত বিতৰণ কৰি থকাৰ কথা NNOৰ Fact চেকিং টীমক জনাইছে কেবাজনো সচেতন লোকে। পোষ্টটোত লোকজনে লিখিছে, 'Carona virus has been found in boiler chicken.Request to all of you not to eat boiler chicken.And please share it everywhere.’

ইয়াৰ অসমীয়া অনুবাদ এনেধৰণৰ, 'কৰ’না ভাইৰাছ ব্ৰইলাৰৰ মাংসতো পোৱা গৈছে। সকলোকে ব্ৰইলাৰৰ মাংস নাখাবলৈ অনুৰোধ জনাইছো। এই পোষ্টটো সকলোৱে যিমান পাৰে সিমান শ্বেয়াৰ কৰক।’

এইধৰণৰ কথাৰে ইউটিউবতো কেবাটাও ইউটিউব চেনেলে সৰ্বসাধাৰণক ব্ৰইলাৰৰ মাংস নাখাবলৈ সতৰ্ক কৰি দিয়া ভিডিঅ’ আপলোড কৰিছিল যদিও পৰৱৰ্তী সময়ত ইউটিউব কৰ্তৃপক্ষই উক্ত ভিডিঅ’ ফেক নিউজ বিয়পোৱাৰ অভিযোগত আতৰাই পেলায়। পৰিতাপৰ কথা এয়ে যে এনে ভিডিঅ’ একাংশ লোকে ডাউনলোড কৰি হোৱাটছএপযোগে প্ৰেৰণ কৰাত আৰু ফেচবুকতো সুকীয়াকৈ আপলোড কৰাত পুনৰ বিভ্ৰান্ত হ’বলগীয়াত পৰিছে অসংখ্যা লোক।

NNOৰ Fact চেকিং টীমে কি পালে?

ভাৰতৰ প্ৰথম তথা একমাত্ৰ ফেক নিউজ চেকিং নিউজ পৰ্টেল Alt Newsৰ সহায় লৈ NNOৰ Fact চেকিং টীমে চলোৱা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল হৈ পৰা পোষ্টসমূহত দাবী কৰাৰ দৰেকৈ প্ৰকৃততে ব্ৰইলাৰৰ মাংসত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। 

প্ৰকৃত সত্য এয়া যে চীনৰ উহান প্ৰদেশত কৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ বিপৰীতে আন এখন প্ৰদেশ হুনানত দেখা গৈছে বাৰ্ড ফ্লু H5N1ৰ প্ৰাদুৰ্ভাৱ। সংক্ৰমণৰ দিশৰ পৰা H5N1 আৰু কৰ’না ভাইৰাছ হৈছে সম্পূৰ্ণৰূপে পৃথক। H5N1 কাৎচিতহে এজনৰ পৰা এজনলৈ বিয়পে। বিপৰীতে কৰ’না ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলেই আক্ৰান্ত হোৱাৰ সম্ভাৱনা পূৰ্ণ মাত্ৰাই থাকে।  

চীন চৰকাৰৰ কৃষি আৰু গ্ৰাম্য পৰিক্ৰমা মন্ত্ৰণালয়ে এয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে কৰ’না ভাইৰাছ (2019-nCoV)ৰ সমান্তৰালভাৱে হুনান প্ৰদেশত H5N1 নামৰ বাৰ্ড ফ্লুবিধো বিয়পি পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে হুনানৰ শ্বাওয়াং চহৰত নিধন কৰা হৈছে ১৮,০০০ৰো অধিক কুকুৰা।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী ২০০৩-২০২০ৰ সময়ছোৱাত H5N1 বাৰ্ড ফ্লুত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বতে মৃত্যু মুখত পৰিছে অতি কমেও ৪৫৫ জন লোক। ইনফ্লুয়েঞ্জা A ভাইৰাছৰ ছাবটাইপ H5N1ক A(H5N1) বুলিও জনা যায়। এণ্টিভাইৰেল ঔষধৰ জৰিয়তে সহজতে এই ৰোগ নিৰাময় কৰিব পাৰি। H5N1 ভাইৰাছবিধ ৭০ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ সামান্য অধিক উষ্ণতা পৰ্যন্ত সক্ৰিয় হৈ থাকে। অৱশ্যে ৰন্ধনৰ সাধাৰণ উষ্ণতা ১০০ ডিগ্ৰী চেণ্টিগ্ৰেড বা তাতকৈ বেছি উষ্ণতাত নিষ্ক্ৰিয় হৈ পৰে এই ভাইৰাছবিধ।

এই বাতৰি যুগুতোৱা পৰ্যন্ত বিশ্বৰ অন্যান্য প্ৰান্ত বাদেই, চীনতো কোনো লোকে কুকুৰাৰ মাংস ভক্ষণ কৰি H5N1 ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা হোৱা নাই। কেৱল কুকুৰা আক্ৰান্ত হোৱাৰ বাবেহে চীনা প্ৰশাসনে আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে সেয়া নিধন কৰিছে।

কৰ’না ভাইৰাছক লৈ আন কেবাটাও উৰাবাতৰি

কৰ’না ভাইৰাছক লৈ কেৱল যে এইটো উৰাবাতৰিহে বিয়পি পৰিছে তেনে নহয়। ভাইৰাছবিধক লৈ বিয়পি পৰা একাধিক উৰাবাতৰিয়ে এতিয়া বিভ্ৰান্ত কৰি তুলিছে সমগ্ৰ বিশ্বৰ লগতে অসমৰো নেটিজেন তথা সৰ্বসাধাৰণক। NNOৰ Fact চেকিং টীমৰ অনুসন্ধানত পোহৰলৈ অহা এনে ৫টা উৰাবাতৰি Factসহ পঢুৱৈসকললৈ আগবঢ়োৱা হ'ল।

১। লেতেৰা মাংসৰ বজাৰ

ৰাইজক বিভ্ৰান্ত কৰি তোলা কৰ'না ভাইৰাছ বিষয়ক এটা উৰাবাতৰিত ইণ্ডোনেছিয়াৰ মাংসৰ বজাৰৰ ভিডিঅ’ এটি চীনৰ উহান প্ৰদেশৰ 'অস্বাস্থ্যকৰ মাংসৰ বজাৰ’ৰ বুলি কোৱা হৈছে। উক্ত ভাইৰেল ভিডিঅ’টোত দাবী কৰা হৈছে যে চীনৰ এই লেতেৰা মাংসৰ বজাৰখনৰ পৰাই কৰ’না ভাইৰাছ বিয়পি পৰিছে। কিন্তু উক্ত ভিডিঅ’টোতো প্ৰকৃততে চীনৰ নহয়, সেয়া হৈছে ইণ্ডোনেছিয়াৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু স্বৰূপ লেংগুৱান বজাৰৰ।

২। উৰি গৈছে চৰাইৰ জাক

আন এটা ভাইৰেল হৈ পৰা ভিডিঅ’ত কোৱা হৈছে যে চীনৰ উহানত পক্ষীবোৰে কৰ’না ভাইৰাছৰ কবলৰ পৰা ৰক্ষা পাবলৈ সেই ঠাই এৰি পলায়ন কৰিছে। পিছে এই ভিডিঅ’টো হৈছে আমেৰিকাৰ মিয়ামি চহৰৰহে। চহৰখনত ছাদত থকা একাংশ চৰাইক এজন লোকে খেদি দিয়াৰ বাবে এনেদৰে জাক পাতি উৰি গৈছে।

৩। 'ভাৰত সমাচাৰ’ৰ এডিটৰ ইন চীফৰ ফেক নিউজ প্ৰচাৰ 

কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা একাংশ লোকক চীন চৰকাৰে চিকিৎসাৰ পৰিৱৰ্তে মানৱতাৰ অপমৃত্যু ঘটাই ঘৰৰ ভিতৰত বন্দী কৰা ৰখা বুলি দাবী কৰি 'ভাৰত সমাচাৰ’ৰ এডিটৰ ইন চীফ ব্ৰজেশ মিশ্ৰই ভিডিঅ’সহ আপলোড কৰা পোষ্ট এটিও ভাইৰেল হৈ পৰিছে। এয়াও হৈছে এটি গোকাট মিছা দাবী। প্ৰকৃততে এই ভিডিঅ’টিত দেখাৰ দৰেকৈ ঘৰৰ ভিতৰত চীনা লোকক চৰকাৰে আৱদ্ধ কৰি ৰখা নাই। South China Morning Post ত প্ৰকাশিত বাতৰি অনুযায়ী চীনা লোকসকলে নিজেই ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ নোলাই অইনকো ঘৰৰ পৰা নোলাবলৈ সতৰ্ক কৰি দিছে। লগতে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি সময় কটাবলৈ চেষ্টা চলাইছে।

৪। কৰ'না আক্ৰান্ত লোকক হত্যা কৰাৰ অনুমতি বিচাৰি ন্যায়ালয়ত আবেদন

এনেধৰণৰ আন এটা বাতৰিত আকৌ কোৱা হৈছে যে চীন চৰকাৰে কৰ’না ভাইৰাছত আক্ৰান্ত ২০ হাজাৰ লোকক হত্যা কৰাৰ অনুমতি বিচাৰি দেশখনৰ সৰ্বোচ্চ আদালতত আবেদন জনাইছে। ভিন্ন লোকে উক্ত বাতৰিৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰাৰ লগতে এনে জঘন্য কাণ্ডৰ বাবে জীন চৰকাৰক ককৰ্থনা কৰা দেখা গৈছে। কিন্তু এইটোও হৈছে এটি ভুৱা বাতৰি। এই বাতৰিটো প্ৰকাশ পাইছে ab-tc.com নামৰ এটা ফেক নিউজ প্ৰচাৰ কৰা ৱেবছাইটত৷

৫। নামাজ পঢ়ি আল্লাহক প্ৰাৰ্থনা চীনৰ প্ৰধানমন্ত্ৰীৰ

ভাইৰেল হোৱা আন এটা ভিডিঅ’ত দাবী কৰা হৈছে যে চীনৰ প্ৰধানমন্ত্ৰীয়ে কৰ’না ভাইৰাছৰ কবলৰ পৰা দেশখনক মুক্ত কৰিবলৈ মছজিদত নামাজ পঢ়িছে৷ এই দাবীৰে যিটো ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে সেয়া হৈছে ২০১৫ চনত চীন ভ্ৰমণলৈ যোৱা মালয়েছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আব্দুল্লা আহমেদ বাদাৱীৰহে।