আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ চৰকাৰে যি সময়ত কৃষিৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহন কৰিছে সেই সময়তেই কৃষি বিভাগৰ ৰহস্যজনক ভুমিকাৰ বাবে অধিক দামত ৰাসায়নিক সাৰ, ঔষধ আদি ক্রয় কৰিব লগা হৈছে সাধাৰণ কৃষক ৰাইজে।

জানিব পৰা মতে প্রতিবেগ ইউৰিয়া সাৰৰ অধিকতম বিক্রি মুল্য ২৬৮ টকা লিখা আছে যদিও বিশ্বনাথত ব্যবসায়ী সকলে ৪৮০ টকাৰপৰা ৫২০ টকালৈকে বিক্রী কৰি আহিছে। গ্রাহকে সুধিলে আমি বেছি দামত কিনি আনিছো গতিকে উপায় নাই বুলি মন্তব্য কৰে সাৰ ব্যৱসায়ীসকলে। প্রতি বেগত ২০০ তকৈও অধিক বেছি দামত বিক্রী কৰি আহিছে। 

অকল ইউৰিয়াই নহয় ডি.এ.পি, পটাচ, চুপাৰ আদিও লিখা মুল্যতকৈ বহু বেছি দৰত বিক্রী কৰি আহিছে। সমান্তৰালভাৱে ভেজাল সাৰৰো ৰমৰমীয়া ব্যৱসায় চলি আছে বিশ্বনাথ জিলাত। আন কি কীটনাশক, ভিটামিনজাতীয় ঔষধ আদিও অধিক মুল্যত বিক্রী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে। বিশ্বনাথৰ বিহালী, জিনজিয়া, হেলেম, গমিৰি আদি অঞ্চলত বুজন সংখ্যক চাহ খেতিয়ক থকাৰ বাবে অধিক মুল্য দি হলেও ইউৰিয়া সাৰ কিনি চাহত তথা অন্যান্য খেতিত প্রয়োগ কৰি আহিবলগীয়া হৈছে।

মাজে মাজে ইউৰিয়াৰ কৃত্রিম নাটনিৰ সৃষ্টি কৰি ব্যৱসায়ী সকলে নিজ খেয়াল-খুচিমতে মুল্য নিৰ্ধাৰণ কৰাৰো উদাহৰণ আছে৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলা কৃষি বিভাগৰ ভূমিকা ৰহস্যজনক। কৃষিবিভাগে মুল্য বৃদ্ধিৰ ওপৰত কোনো ধৰণৰ তদন্ত নকৰে বুলিও প্রকাশ। এতিয়া প্ৰশ্ন হয় ৰাসায়নিক সাৰ ব্যৱসায়ী সকলৰ সৈতে গোপন মিতিৰালি কৰি মোটা অংকৰ কমিচনত ভুল গৈ আছে নেকি বিশ্বনাথ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া সকল?  

কমিচনৰ অংকত ভুল যোৱাৰ বাবেই নাকি লগাব পৰা নাই নেকি ৰাসায়নিক সাৰ ব্যৱসায়ী সকলক? এই সমগ্ৰ চিণ্ডিকেটৰাজৰ ওপৰত বিশ্বনাথ জিলা  উপায়ুক্তৰ লগতে ৰাজ্যৰ শূণ্য সহনশীল নীতি অৱলম্বন কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাক বিহিত ব্যৱস্থা গ্ৰহণ কৰি চিণ্ডিকেটৰাজৰ সৈতে জড়িত থকা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কৃষক ৰাইজে দাবী জনাইছে।