আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলা কাৰাগাৰৰ ভিতৰত দেওবাৰে কাৰাগাৰৰ সমূহ  বিষয়া-কৰ্মচাৰীৰ উদ্যোগত আৰু কাৰাবন্দীসকলৰ সহযোগত বসন্ত উৎসৱ পালন কৰা হয়।

পুৱা ১০ বজাৰপৰা অনুষ্ঠিত এই বসন্ত উৎসৱত বিভিন্ন গীত-মাত, কলা-কৃষ্টি, নৃত্য প্ৰদৰ্শন কৰা হয়। আনন্দৰাম বৰুৱা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মনালিচা বৰা ভূঞাই আঁত ধৰা সভাখনত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এগচি বন্তি প্ৰজ্বলনেৰে সভাখন উদ্বোধন কৰে।

বিশ্বনাথ জিলা কাৰাগাৰৰ অধীক্ষক বীৰেশ চন্দ্ৰ হাজঙৰ আমন্ত্ৰণমৰ্মে এই বসন্ত উৎসৱ উপভোগত   অতিথি হিচাপে উপস্থিত থাকে বিশ্বনাথৰ ন্যায়িক দণ্ডাধীশ নেহা শইকীয়া, অতিৰিক্ত জিলা উপায়ুক্ত দিগন্ত কুমাৰ বৈশ্য, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আব্দুল হাকিম চিকদাৰ, সাংবাদিক আব্দুল বাৰেককে ধৰি বিশ্বনাথৰ বহু গণ্য-মান্য ব্যক্তি।

স্থানীয় শিল্পীসকলে বিহু নৃত্য, ঝুমুৰ নৃত্য, জেং বিহু, আধুনিক নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰি তুলে। জিলা কাৰাগাৰৰ হৈ অধীক্ষক বীৰেশ চন্দ্ৰ হাজঙে আমন্ত্ৰিত শিল্পীসকলক শলাগৰ শৰাই আগবঢ়োৱাৰ অন্তত বিয়লি ৪ বজাত এই অনুষ্ঠানৰ সামৰণি পৰে।