নতুন দিল্লীঃ অৱশেষত ঘোষণা কৰা হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। মুঠ ৭০খন আসন যুক্ত দিল্লী বিধানসভাৰ নিৰ্বাচনত বিজয়ৰ হাঁহি মাৰিলে আম আদমী পাৰ্টী চমুকৈ আপে। ৭০ খন আসনৰ ভিতৰত ৬২ খনতেই বিজয় সাব্যস্ত কৰে শাসনাধিষ্ঠিত দলটোৱে। ইয়াৰ বিপৰীতে মাত্ৰ ৮ খন আসনতে সন্তুষ্ট থাকিবলৈ বাধ্য হয় বিজেপি।

প্ৰচাৰ চলোৱা ধৰণে আশাব্যঞ্জক ফলাফল লাভ নকৰিলেও অৱশ্যে ২০১৫ চনৰ তুলনাত এইবাৰ ৫খন আসন বেছিকৈ লাভ কৰে দলটোৱে। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শক্তিশালী যুটিয়ে যিধৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছিল তাৰ বিপৰীতে এয়া তেনেই নগণ্য বুলি মন্তব্য কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

সেয়া হ’লেও পূৰ্বতকৈ ৫খন আসন বেছি লাভ কৰাতোৱে কিছু পৰিমাণে সুখী কৰি তুলিছে গেৰুৱা শিবিৰক। আপে পুনৰ বাজিমাৎ কৰাৰ সময়তে বিজেপিয়ে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে বদৰপুৰ, গান্ধীনগৰ, ঘণ্ডা, বদৰপুৰ, ৰোহিণী, বিশ্বাস নগৰ, লক্ষ্মীনগৰ আৰু ৰোহটাছ নগৰত।

আজি ঘোষিত ফলাফল অনুযায়ী বিশ্বাস নগৰ সমষ্টিত বিজেপিৰ ওমপ্ৰকাশ শৰ্মাই আপৰ দীপক চিংগালাক পৰাস্ত কৰে। গান্ধী নগৰ সমষ্টিত আপৰ নৱীন চৌধুৰীৰ বিৰুদ্ধে জয়ী হয় বিজেপিৰ প্ৰাৰ্থী অনিল কুমাৰ বাজপেয়ী। ঘণ্ডা সমষ্টিত আপৰ শ্ৰীদত্ত শৰ্মাৰ বিৰুদ্ধে জয় লাভ কৰিবলৈ সমৰ্থ হয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী অজয় মহাৱানে।

ৰোহিণী সমষ্টিত আপৰ ৰাজেশ নামা বংশীৱালক পিছ পেলাই জয়ী হয় বিজেপিৰ প্ৰাৰ্থী বীজেন্দ্ৰ গুপ্তা। বদৰপুৰত আপৰ ৰাম সিংহ নেতাজীক হৰুৱাই বিজয়ৰ শেষ হাঁহি মাৰে ৰামবীৰ সিং বিধৌড়িয়ে।

ৰোহটাছ নগৰ সমষ্টিত আম আদমি পাৰ্টীৰ বৰ্তমানৰ বিধায়ক সৰিতা সিঙক পৰাস্ত কৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জীতেন্দ্ৰ মহাজনে। লক্ষ্মীনগৰ সমষ্টি আৰু কাৰৱালা নগৰতো আপৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সমৰ্থ হয় বিজেপি। লক্ষ্মীনগৰত নীতিন ত্যাগীক পৰাভূত কৰি জয়ী হয় বিজেপিৰ অভয় বৰ্মা। আনহাতে কাৰৱালা নগৰত আপৰ দুৰ্গেশ পাঠকক হৰুৱাই জয়ৰ হাঁহি মাৰে বিজেপিৰ মনোজ সিং বিষ্টে।

উল্লেখ্য যে 'কা’ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকা শ্বাহিনবাগক লৈ দিল্লীত বিজেপিয়ে ধ্ৰুৱীকৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল যদিও আজি ঘোষিত ফলাফলত তেনে চেষ্টা একপ্ৰকাৰ অথলে যোৱা পৰিলক্ষিত হয়। অখলা নামৰ যিটো সমষ্টিৰ ভিতৰত শ্বাহিনবাগ অঞ্চল অন্তৰ্ভুক্ত উক্ত সমষ্টিত দিনৰ প্ৰায় ১ বজালৈ বিজেপিৰ প্ৰাৰ্থী ব্ৰাহাম সিঙে অগ্ৰগতি লাভ কৰি আপ শিবিৰক উদ্বিগ্ন কৰি ৰাখে। 

বিয়লিৰ ভাগলৈ পুনৰ অগ্ৰগতি লাভ কৰি শেষত বৃহৎ জয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয় আপ নেতা আমানাতুল্লা খানে। আমানাতুল্লাই ১,২৮,০১৮ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীজনে মাত্ৰ ৫৭,৩৪৩ টা ভোটতে সন্তুষ্ট থাকিবলৈ বাধ্য হয়।

এই শ্বাহিনবাগৰ বাবেই বাকী সমষ্টিসমূহৰ তুলনাত বহু পৰিমাণে গুৰুত্বপূৰ্ণ হৈ পৰিছিল উক্ত সমষ্টিটো। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়তো শ্বাহিনবাগৰ প্ৰতিবাদক লৈ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিজেপিৰ কেবাজনো শীৰ্ষ নেতা। কিন্তু শেষ মুহূৰ্তত সমষ্টিটোত আপেই জয়ৰ শেষ হাঁহি মাৰিবলৈ সমৰ্থ হোৱাৰ লগতে শ্বাহিনবাগক কেন্দ্ৰ কৰি গঢ় দিব খোজা সম্ভাৱ্য ধ্ৰুৱীকৰণকো এক প্ৰকাৰ নস্যাৎ কৰে দিল্লীৰ জনতাই।