উত্তৰ প্ৰদেশঃ দেশৰ সৰ্ববৃহৎ উত্তৰ প্ৰদেশ বিধানসভাত বিজয়ৰ ফাকুৱা খেলিলে বিজেপীয়ে৷ বিমুদ্ৰাকৰণেও প্ৰভাৱ পেলাব নোৱাৰিলে এইবাৰ নিৰ্বাচনত৷ আঠটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত  মুঠ ৪০৩ টা সমষ্টিৰ ১০০ টা সমষ্টিত জয়লাভ কৰাৰ লগতে ২২০ টাত আগবাঢ়ি আছে দলটো৷

১৪ বছৰ পিছত ৰাজ্যখনত পদুম ফুলাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে৷ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁট কেৱল ৬৯ আসনত আগবাঢ়ি আছে৷ মায়াৱতীৰ বহুজন সমাজ পাৰ্টিয়ে পাইছে কেৱল ২০ খন আসন৷ পিতা-পুত্ৰৰ মনোমালিন্যৰ ফল ভুগিলে সমাজবাদী পাৰ্টিয়ে। এলাহবাদ, লক্ষ্ণৌ, কানপুৰ, বেনাৰসসহ ৰাজ্যখনৰ বহু কেইটা সমষ্টিত জয় লাভ কৰিছে বিজেপীয়ে৷

ৰাজধানী লক্ষ্ণৌত মুলায়েম সিঙৰ বোৱাৰী অৰ্পনা সিং বিজেপীৰ ৰীতা বহুগুণা যোশীৰ হাতত পৰাজয় বৰণ কৰে৷  বিমুদ্ৰাকৰণে নিৰ্বাচনত প্ৰভাৱ পেলাব বুলি সমীক্ষাসমুহত প্ৰকাশ পাইছিল যদিও সেই অংক ভূল প্ৰমাণিত কৰি ঐতিহাসিক জয়ৰ প্ৰমাণ হৈ ৰ’ল উত্তৰ প্ৰদেশবাসী৷