উত্তৰাখণ্ডঃ এগজিট প’লত অনুমান কৰাৰ দৰে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত গাদী দখলৰ বাবে বিজেপি আৰু আৰু কংগ্ৰেছৰ মাজত হ’বলগা তুমূল যুঁজখনত যেন নিশকতীয়া হৈ পৰিল কংগ্ৰেছ দল। সকলো পূৰ্বানুমানক নস্যাৎ কৰি উত্তৰ প্ৰদেশৰ দৰে উত্তৰাখণ্ডতো উৰিব দেশখনৰ শাসকীয় দল ভাৰতীয় জনতা দলৰ জয়ধ্বজা।

৭০ খন আসনৰ উত্তৰাখণ্ড বিধানসভাৰ ২৩ টা সমষ্টিতে জয়লাভ কৰিছে দলটোৱে। তাৰ সৈতে ৩২ টা সমষ্টিত আগবাঢ়ি থকা দলটোৱে মুঠ ৫৫ খন আসনত জয়লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।

ইয়াৰ বিপৰীতে কেৱল ১৩ খন আসনেৰে বহু পিছত ৰৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। উত্তৰাখণ্ডত চৰকাৰ গঠন কৰাৰ বাবে প্ৰয়োজন ৩৬ খন আসনৰ। কিন্তু ৫৫ খন আসনেই দখল কৰাৰ দিশে আগবাঢ়িছে শাসকীয় দলটো।