newsnexone.com | ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টীৰ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ মাজত দেওবাৰে ঘটা মতানৈক্যৰ পিছত কেজিৰৱালে বিজেপি অধ্যক্ষ অমিত শ্বাহক প্ৰত্যাহ্বান জনাইছে৷ সোমবাৰে ছ’চিয়েল মিডিয়াত প্ৰত্যাহ্বান জনাই কেজিৰৱালে কয়, ‘আমাৰ দল আৰু বিজেপিয়ে কৰা কামৰ যদি তুলনা কৰিব বিচৰা হয়, তেন্তে অমিত শ্বাহে ৰাজহুৱাভাৱে মোৰ সৈতে মুখামুখি হওক৷’

উল্লেখ্য যে, দেওবাৰে পুৱা ৰামলীলা ময়দামত এক বিজেপি ৰেলী সম্বোধিত কৰি অমিত শ্বাহে অৰবিন্দ কেজিৰৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীক কটাক্ষ কৰি তেওঁলোকৰ চাৰে তিনি বছৰীয়া শাসন কালত কেৱল দিল্লীৰ বিকাশত বাধা প্ৰদান কৰি অহা বুলি অভিযোগ তুলিছিল৷ তেওঁ কয়, ‘কেজিৰৱালে কেৱল এটাই মন্ত্ৰ জানে৷ সেয়া হৈছে বাৰে বাৰে মিছা কোৱাৰ মন্ত্ৰ৷’

বিজেপিৰ অধ্যক্ষৰ এই মন্তব্যৰ পিছতে অসন্তুষ্টি প্ৰকাশ কৰি অৰবিন্দ কেজিৰৱালে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয় যে, আম আদমী পাৰ্টীৰ বিগত চাৰি বছৰীয়া কাৰ্যকালত তেওঁলোকে মোডীৰ তুলনাত ১০ গুনেই বেছি ভাল কাম কৰিছে৷ মোডীয়ে যিমানবোৰ জনবিৰোধী আৰু সমাজ বিদ্বেষী কাম কৰিছে, তেনে কাম আম আদমী পাৰ্টীয়ে কেতিয়াও নকৰে বুলিও কয় কেজিৰৱালে৷

ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াত অমিত শ্বাহক প্ৰত্যাহ্বান জনাই কেজিৰৱালে লিখে, ‘যদি সাহস আছে তেন্তে আপুনি আহক, ৰামলীলা ময়দামত সমগ্ৰ দিল্লীবাসীৰ সন্মুখত আমি এখ তৰ্কযুদ্ধত লিপ্ত হওঁ৷ তাত আপুনি আপোনাৰ দলে কৰা ভাল কামবোৰৰ বিষয়ে আৰু দিল্লীৰ উন্নয়নত আপোনালোকৰ অৰিহণাৰ বিষয়ে দিল্লীবাসীক মুকলিকৈ জনাওক৷ আৰু আমিও জনাম৷’

ইফালে, কেজিৰৱালে ১৪তম বিত্তীয় আয়োগৰ ভিত্তিত ৰাজ্যই লাভ কৰিবলগীয়া অনুদানৰ বিষয়েও বিজেপিৰ ওচৰত প্ৰশ্ন উত্থাপন কৰে৷ তেওঁ কয়, ‘আপোনালোকে ১৪তম বিত্তীয় আয়োগৰ জৰিয়তে কিমান টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে? মাত্ৰ ৩২৫ কোটি? দিল্লীতো পুৰ্বাঞ্চলৰ লোক বাস কৰে৷ তেওঁলোকৰ বিকাশৰ বাবে বিজেপি চৰকাৰে কিয় অনুদান আগ নবঢ়ালে৷’ দিল্লীত বাস কৰা পুৰ্বাঞ্চলীয় লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ইমান ভেদভাৱ কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে কেজিৰৱালে৷ 

কেজিৰৱালে এটি টুইট যোগে কয়, ‘দিল্লীৰ জনতাই কেৱল দুটা কাৰণত আপোনাক পচন্দ কৰিছিল৷ সেয়া হৈছে ৰাজ্যখনৰ প্ৰশাসনিক নিয়ন্ত্ৰণ আৰু স্বচ্ছতা৷ কিন্তু বিজেপিয়ে এই দুয়োটা কাৰ্যই সফল কৰাত ব্যৰ্থ হৈছে৷’ আনহাতে দিল্লীৰ জনতাই বিদ্যুৎ, শিক্ষা আৰু চিকিৎসাৰ দায়িত্ব আম আদমী পাৰ্টীক সঁপিছিল৷ সেয়া কেজিৰৱালৰ নেতৃত্বৰ দিল্লী চৰকাৰে সফলপূৰ্বক ৰূপায়ন কৰিবলৈ সক্ষম হৈছে বুলিও টুইটত কয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে৷