কলকাতাঃ বাংলাদেশৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অঞ্জু ঘোষে বুধবাৰে কলকাতাত বিজেপিত যোগদান কৰে৷ বুধবাৰে অনুষ্ঠিত এই অনুষ্ঠানত প্ৰদেশৰ অধ্যক্ষ দিলীপ ঘোষৰ লগতে অন্যান্য পাৰ্টীৰ সদস্যসকলো উপস্থিত আছিল৷

কিন্তু বৰ্তমানে অভিনেত্ৰী অঞ্জু ঘোষৰ নাগৰিকত্বৰ বিষয়ক লৈ কিছু সমস্যা আহি পৰিছে৷ অনুষ্ঠানত সাংবাদিকে এই বিষয়ত প্ৰশ্ন কৰাত অভিনেত্ৰীগৰাকীয়ে কোনোধৰণৰ উত্তৰ নিদিয়ে৷ আনহাতে বিজেপিত যোগদান দিয়াৰ পাছতেই অঞ্জু ঘোষক অধ্যক্ষগৰাকীয়ে বিজেপিৰ পতাকা উৰুৱাবলৈ আহ্বান জনায়৷