গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত যিদৰে একাংশ কংগ্ৰেছীয়ে ওভতগোৰে নাচিছিল ঠিক তেনেদৰে এতিয়া পৰিৱৰ্তন চৰকাৰৰ দিনত ওভতগোৰে নাচিবলৈ আৰম্ভ কৰিছে বিজেপিৰ একাংশ নেতা-পালিনেতাই। দিনদিয়েকপূৰ্বে তিনিচুকীয়া আৰু নগাঁৱত দুজনকৈ বিজেপি নেতাই উদ্ভণ্ডালি প্ৰদৰ্শন কৰাৰ পিছত এইবাৰ মহানগৰীতো দলটোৰ এজন নেতাই দাদাগিৰি দেখুওৱাৰ কথা পোহৰলৈ আহিছে।

মহানগৰীত ফুট গধূলিতে বন্দুক প্ৰদৰ্শনৰে লোকক ভীতিগ্ৰস্ত কৰা এই বিজেপি নেতাজন হৈছে আব্দুল মান্নান ফাৰুক। জি এম ডি এৰ ডেপুটি কমিছনাৰ তথা বিজেপি দলৰ এজন আগশাৰীৰ নেতা মান্নানে সোমবাৰে সন্ধিয়াৰ ভাগত চাজিদ আলম চৌধুৰী নামৰ এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে।

প্ৰাপ্ত বাতৰি মতে, সন্ধিয়া প্ৰায় ৬-৩০ বজাত গুৱাহাটী ক্লাৱত মান্নানে এখন ইনভা গাড়ীৰ পৰা নামি চাজিদ নামৰ ৪৫ বৰ্ষীয় ব্যৱসায়ীজনক চৰ আৰু ঘোচা শোধায়। তাতে ক্ষান্ত নাথাকি জি এম ডি এৰ ডেপুটি কমিছনাৰ তথা বিজেপি নেতাজনে দেহৰক্ষীৰ পৰা বন্দুক কাঢ়ি আনি চাজিদক হত্যাৰ চেষ্টা চলায়। পিছত দেহৰক্ষীয়ে বাধা প্ৰদান কৰাত নিজৰ হাতত থকা অনুজ্ঞাপ্ৰাপ্ত মাৰণাস্ত্ৰ বুকুত থৈ ১৫ দিনৰ ভিতৰত গুণ্ডা লগাই হত্যা কৰিব বুলি ব্যৱসায়ীজনক ভাবুকি প্ৰদান কৰে।

মাটি-বাৰী সংক্ৰান্তীয় কাৰণতে এনেদৰে বিজেপি নেতাজনে ব্যৱসায়ীজনক হত্যাৰ ভাবুকি প্ৰদান কৰা বুলি জানিব পৰা গৈছে। ফুট গধূলিতে এনেদৰে এজন বিজেপি নেতাই বন্দুক দেখুৱাই ব্যৱসায়ীক হত্যাৰ ভাবুকি প্ৰদান কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মান্নান নামৰ এই নেতাজনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আছে সু-সম্পৰ্ক। সেই সু-সম্পৰ্কৰ গইনা লৈয়েই এনেদৰে ফুট-গধূলিতে লোকক বন্দুক দেখুৱাই নেতাজনে হত্যাৰ ভাবুকি প্ৰদান কৰিবলৈ সাহস কৰিছে বুলি চৰ্চা আৰম্ভ হৈছে।