Printer-friendly version

ৰঙাপৰাঃ আজি শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বাহুমাৰিত ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি দলৰ কিষান মৰ্চাৰ এক গুৰুত্বপূৰ্ণ সভা ও বৃক্ষ ৰোপণ কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

ৰঙাপৰা মন্ডল বিজেপি কিষান মৰ্চাৰ উদ্যোগত ফুলুগুৰি পঞ্চায়তৰ অধিনৰ বাহুমাৰিত দিনৰ ১২ বজাত দলীয় নেতা কৰ্মীৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয়।মন্ডল কিষান মৰ্চাৰ সভাপতি কমল চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আত ধৰে দুলেন্দ্ৰ কুমাৰ ভাগবতীয়ে ।সভাত বিশিষ্ট অথিতি ৰূপে অংশগ্ৰহণ কৰি 

শোণিতপুৰ জিলা কিষান মৰ্চাৰ সভাপতি নিৰ্মল চৌধুৰীয়ে অঞ্চলটোত দলক  আৰু অধিক শক্তিশালী কৰিবলৈ কাম কৰি যাবলৈ দলীয় কৰ্মী সকলক আহ্বান জনায়। তেখেতে বিভিন্ন ধৰণৰ চৰকাৰী আচনিৰ বিষয়ে দলীয় কৰ্মীক অবগত কৰে। 

সভাত নামনিগাও বিজেপি বুথ কমিটিৰ সভাপতি পীতাম্বৰ নাথৰ লগতে প্ৰাঞ্জল নাথ,কিশোৰ শইকীয়া আৰু দলৰ বহু বিষয়বৱীয়াক একোখন ফুলাম গামোচাৰে মৰ্চাৰ ফালৰ পৰা সম্ভাষণ জনোৱা হয়।ইপিনে পুৱা সকলোৰে উপস্থিতিত এক বৃক্ষ ৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয়।