ইম্ফলঃ আজি মণিপুৰৰ ৬০ জনীয়া বিধানসভাৰ ৩২ জনৰ সমৰ্থনসম্বলিত পত্ৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ দপ্তৰত দাখিল কৰাৰ পিছতেই মুখ্যমন্ত্ৰী পদৰ বাবে নেতাৰ নাম চুড়ান্ত কৰিছে বিজেপিয়ে। ৰাজ্যখনত দুদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই ৰুদ্ধদ্বাৰ বৈঠকত অন্তত ঘোষণা কৰা হ’ল মুখ্যমন্ত্ৰীৰ নাম। মুখ্যমন্ত্ৰী পদৰ বাবে বিজেপিয়ে এন বীৰেণ সিঙৰ নাম ঘোষণা কৰিছে। 

বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী পিযুশ গোয়েলে বৈঠকত এন বীৰেণ সিঙৰ নাম প্ৰস্তাৱিত হোৱা বুলি সাংবাদিকক জনায়। উল্লেখ্য যে বিধানসভা নিৰ্বাচনত ২১ খন আসন লাভ কৰা বিজেপি দলটোক সমৰ্থন দিছে নেশ্যনেল পিপলচ পাৰ্টিৰ ৪ জন, নাগা পিপলচ ফ্ৰণ্টৰ ৪ জনে আৰু এলজেপিৰ এজন আৰু দুজন অইন প্ৰাৰ্থীয়ে।