গুৱাহাটীঃ বি জে পিত যোগদান কৰিলে তুতু চৰকাৰে ৷ তুতু চৰকাৰ হৈছে বৰাক-সম্ৰাট তথা কংগ্ৰেছ নেতা গৌতম ৰয়ৰ সতীৰ্থ ৷

তুতু চৰকাৰৰ লগত শতাধিক কৰ্মীয়ে বুধবাৰে বি জে পিত যোগদান কৰে৷ ইয়াৰ ভিতৰত তুম্পা দে, পুলক দাস, পংকজ চৌধুৰী, অমিতাভ দেৱ চৌধুৰী, নিপন চৰকাৰ, মুন্না বিশ্বাসে বি জে পিত যোগদান কৰে৷

ইফালে,জালুকবাৰীৰ প্ৰণৱ কুমাৰ বৰুৱা আৰু যোৰহাটৰ আদিত্য প্ৰকাশ শৰ্মাই বি জে পিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এক অনিষ্ঠানত দলটোত যোগদান কৰে ৷