নতুন দিল্লীঃ  ছুইজাৰলেণ্ডৰ বেংকত অঘোষিত একাউণ্ট থকা ভাৰতীয়ৰ বিৰুদ্ধে দুয়োখন দেশৰ চৰকাৰে তৎপৰতা আৰম্ভ কৰিছে। ছুইজাৰলেণ্ডে এই সন্দৰ্ভত অন্ততঃ ৫০ ভাৰতীয় লোকৰ বেংক সম্বন্ধীয় তথ্য ভাৰতক দাখিল কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ইয়াৰ ভিতৰত অধিকসংখ্যক মাটি–সম্পত্তি, বিত্তীয় সেৱা, প্ৰযুক্তি, দূৰসংযোগ, ঘৰুৱা সাজ–সজ্জা, কাপোৰ, অভিযান্ত্ৰিক সামগ্ৰী আৰু কোম্পানী অন্তৰ্ভুক্ত হৈ আছে।

ছুইজাৰলেণ্ডে শেহতীয়াকৈ কেইবাখনো দেশৰ সৈতে তথ্য আদান–প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। বিগত কেইটামান সপ্তাহত ভাৰত সম্বন্ধীয় তথ্যৰ আদান–প্ৰদানৰ প্ৰক্ৰিয়াই অধিক গতি লাভ কৰিছে। ছুইজাৰলেণ্ডৰ বিষয়াই মাৰ্চৰ পৰা এতিয়ালৈকে প্ৰায় ৫০ ভাৰতীয় একাউণ্টধাৰীলৈ জাননী জাৰি কৰি তেওঁলোকৰ তথ্য ভাৰত চৰকাৰক প্ৰদানৰ পূৰ্বে ইয়াৰ বিৰুদ্ধে আবেদন কৰাৰ অন্তিম সুবিধা প্ৰদান কৰিছে।

গেজেট অনুসৰি, কেৱল ২১ মে’ত ১১ ভাৰতীয়লৈ জাননী জাৰি কৰা হৈছিল। যি দুগৰাকী ভাৰতীয়ৰ সম্পূৰ্ণ নাম উল্লেখ কৰা হৈছে, তাৰ ভিতৰত ১৯৪৯ চনত জন্মগ্ৰহণ কৰা কৃষ্ণ ভগৱান ৰামচন্দ্ৰ আৰু ১৯৭২ চনৰ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা কল্পেশ হৰ্ষদ কিনাৰীৱালা অন্তৰ্ভুক্ত। অৱশ্যে এই সন্দৰ্ভত আন তথ্য প্ৰকাশ কৰা হোৱা নাই।

আন নামবোৰৰ আৰম্ভণিৰ বৰ্ণ কোৱা হৈছে। ইয়াৰ ভিতৰত ১৯৪৪ চনৰ ২৪ নৱেম্বৰত জন্মগ্ৰহণ কৰা এ এছ বি কে, ১৯৪৪ চনৰ ৯ জুলাইত জন্মগ্ৰহণ কৰা এ বি কে আই, ১৯৮৩ চনৰ ২ নৱেম্বৰত জন্মগ্ৰহণ কৰা শ্ৰীমতী পি এ এছ, ১৯৭৩ চনৰ ২২ নৱেম্বৰত জন্মগ্ৰহণ কৰা শ্ৰীমতী আৰ এ এছ, ১৯৪৪ চনৰ ২৭ নৱেম্বৰত জন্মগ্ৰহণ কৰা এ পি এছ, ১৯৪৯ চনৰ ১৪ আগষ্টত জন্মগ্ৰহণ কৰা শ্ৰীমতী এ ডি এছ, ১৯৩৫ চনৰ ২০ মে’ত জন্মগ্ৰহণ কৰা এম এল এ, ১৯৬৮ চনৰ ২১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এন এম এ আৰু ১৯৭৩ চনৰ ২৭ জুনত জন্মগ্ৰহণ কৰা এম এম এ অন্তৰ্ভুক্ত।

আনহাতে, এই জাননীত সম্বন্ধিত গ্ৰাহক বা তেওঁলোকৰ কোনো প্ৰতিনিধিক প্ৰয়োজনীয় নথি–প্ৰমাণৰ সৈতে ৩০ দিনৰ ভিতৰত আবেদন কৰাৰ নিৰ্দেশ দিয়া হৈছে। শেহতীয়াকৈ ছুইাজাৰলেণ্ড চৰকাৰে ছুইচ বেংকত থকা গৰাকীৰ নামত প্ৰকাশৰ পিছতে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।