খাৰুপেটীয়া: দুষ্টচক্ৰৰ কবলত পৰি দলগাঁৱৰ অন্ধ কিশোৰ পালেগৈ বাংলাদেশ৷ ফেচবুকত ভাইৰেল হৈছে ৰেল ষ্টেচনত গীত গাই ভিক্ষা কৰি থকা দুবছৰৰ পৰা সন্ধানহীন দুৰ্ভগীয়া আব্বাছৰ কৰুন দৃশ্য৷ দৰিদ্ৰ পৰিয়ালতোৰ ঘৰত হাহাকাৰ হৈছে। এটি কৰুন দৃশ্য৷ এজন অন্ধ কিশোৰে দুই হাতৰ মুঠিত দুটা শিলগুটি বজাই কোনো এক ৰেল ষ্টেচনত গীত গাই ভিক্ষা খুজিছে ৷ ৰেল যাত্ৰী সকলে সুমধুৰ গীতত মুগ্ধ হৈ কিশোৰজনৰ হাতৰ মুঠিত, জেপত ভৰাই দিছে টকা৷ অন্ধ ভিখাৰীৰ এনে দৃশ্য সততে আমাৰ সমাজত দেখা পালেও এই অন্ধ কিশোৰজন আচলতে কোনো ভিখাৰী নাছিল৷ এক দুষ্টচক্ৰই কিশোৰজনক বাধ্য কৰাইছে এনে বৃত্তিত৷

লিংক-বাংলাদেশৰ কোনো এক ৰেল ষ্টেচনত গান গাই ভিক্ষা কৰি থকা অৱস্থাত দুৰ্ভগীয়া আব্বাছ

https://youtu.be/dIaLMG5jYLg

 দৰঙৰ দলগাৱঁৰ কছাৰীপাৰা গাঁৱৰ এই অন্ধ কিশোৰজনে মাকৰ সৈতে দলগাঁৱৰ বিহুদিয়া গাঁৱত আইতাৰ ঘৰলৈ ফুৰিবলৈ গৈছিল৷ ঘৰৰ বাহিৰত বহি থকা অৱস্থাত হঠাৎ নিৰুদ্দেশ হৈছিল এই আব্বাছ নামৰ কিশোৰজন৷ বিভিন্ন স্থানত বিচাৰি কোনো সন্ধান নাপাই অৱশেষত খাৰুপেটীয়া আৰক্ষী থানাত এজাহাৰ দিয়ে আব্বাছৰ পৰিয়ালে৷ পিছে ২০১৬ চনৰ জুন মাহৰ পৰা সন্ধানহীন হৈ থকা আব্বাছৰ পিতৃমাতৃয়ে সন্ধান পালে পুত্ৰৰ ৷ কোনো এক ৰেল ষ্টেচনত গীত গাই গাই ভিক্ষা খুজি থকা ফেচবুকত ভাইৰেল হোৱা ভিডিও এটা ওচৰ চুবৰীয়াৰ একাংশ যুবকে আব্বাছৰ পিতৃমাতৃক দেখুওৱাৰ পিছত হাহাকাৰ লাগে পৰিয়ালত ৷ অন্ধ লৰাজন বহি থকা ষ্টেচনত ৰৈ থকা ৰঙা, সেউজীয়া ৰঙৰ ৰেলখন চাই বহুতৰ সন্দেহ হ'ল৷ কাৰন আব্বাছে বহি থকা অৱস্থাত ষ্টেচনত ৰৈ থকা ৰেলখন আছিল বাংলাদেশৰ৷ এতিয়া প্ৰশ্ন হয় এই অন্ধ কিশোৰজনে বাংলাদেশ  কেনেকৈ পালে৷ কোনে কি উদ্দেশ্যৰে বাংলাদেশলৈ নিলে এই লৰাজনক?  

সন্দেহ কৰা মতে কোনো দুষ্টচক্ৰৰ যোগেদি এনেদৰে বাংলাদেশলৈ নি ভিক্ষাবৃত্তি কৰিবলৈ বাধ্য কৰোৱা হৈছে এই কিশোৰজনক৷  নিজৰ একমাত্ৰ পুত্ৰজনে কেনেকৈ নিজৰ দেশলৈ ঘুৰি আহিব সেয়া লৈ  অতি চিন্তিত হৈ পৰিছে দৰিদ্ৰ  পৰিয়ালটোৱে৷

ফখৰুল ইছলাম,খাৰুপেটীয়া