বৰপেটাৰোডঃ প্ৰাক্তন সাংসদ চৰন নাৰ্জাৰীয়ে আজি পুৱা গুৱাহাটী মহানগৰীৰ ডাউন টাউন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স ৮৭ বছৰ হৈছিল৷ 

গুৱাহাটী মহানগৰীৰ ডাউন টাউন হাস্পতালত বাৰ্ধক্যজনিত ৰোগৰ বাবে চিকিৎসাধীন হৈ আছিল নাৰ্জাৰী। কোকৰাঝাৰ সমষ্টিৰ প্ৰাক্তন সাংসদ আছিল প্ৰয়াত নাৰ্জাৰী। কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা, PTCA দলৰ প্ৰতিষ্ঠাপকো আছিল চৰণ নাৰ্জাৰী। সাহিত্য জগততো দখল আছিল চৰণ নাৰ্জাৰীৰ।

নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটাৰোডতো নাৰ্জাৰীৰ মৃত্যুত বড়ো সাহিত্য সভা,এবছু, মথনগুৰি ব্লক বিপিএফ,বৰপেটাৰোড  বড়ো থুনলাই আফাদ, বাথৌ সমাজ,শালবাৰী জিলা ট্ৰাইবেল সংঘ আদিকে কৰি বহু কেইটা জনজাতীয় দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকত সমভাগী হোৱা পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে।