•  গ্ৰন্থ ''এই নদী’’ উন্মোচন

কাৰ্বি আংলংঃ গ্ৰন্থ, কলা-সংস্কৃতিৰ মাজেৰে সুখানুভূতিৰ সন্ধান দিয়া তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ মানসেৰে বোকাজান নগৰৰ কলাক্ষেত্ৰ প্ৰাংগণত সামাজিক অনুষ্ঠান অনুশীলনৰ উদ্যোগত ১৭, ১৮, ১৯ আৰু ২০ জানুৱাৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে ৷ 

গুৱাহাটীৰ সৰস্বতী ডি এন প্ৰকাশন, চিলড্ৰেন বুকচ, জি এচ পাবলিকেচন, শোণিত  প্ৰকাশন আদিকে ধৰি বিভিন্ন গ্ৰন্থ বিপনী সমূহে অংশগ্ৰহণ কৰা এই গ্ৰন্থমেলাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শোভাযাত্ৰা, নঙলা মুকলি আদি অনুষ্ঠান মুকলি কৰে ক্ৰমে বোকাজানৰ বিশিষ্ট সমাজ কৰ্মী দুলাল দত্ত, বোকাজান শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেশ্বৰ হাজৰিকা, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদক অতুল বৰুৱা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি নৰেন্দ্ৰ নাথ হাজৰিকাই ৷ 

চাৰিদিনীয়াকৈ আয়োজন কৰা বোকাজান গ্ৰন্থমেলাৰ বাকৰিত উদ্যোক্তাসকলে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, কবি সন্মিলন, আকস্মিক বক্তৃতা, শিশুসকলৰ মাজত সাধু কোৱা আৰু ওমলা গীতৰ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, পৰম্পৰাগত সাজ-পাৰ প্ৰদৰ্শন প্ৰতিযোগিতা, যোৰহাটৰ মঞ্জুলা সত্ৰীয়া আৰু সুকুমাৰ কলাকেন্দ্ৰৰ শিশু শিল্পীসকলৰ দ্বাৰা মাতৃভাষাৰ নাট প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচীৰ লগতে স্থানীয় শিল্পীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান, আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীতৰ শৰাই আদি অনুষ্ঠান আয়োজনৰ বিষয়ে উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে ৷ 

উল্লেখ্য যে গ্ৰন্থমেলাৰ উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ইষ্টাৰ্ণ কাৰ্বি আংলং মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ নয়নমণি মেধিৰ দ্বাৰা লেখক মণ্টু কুমাৰ বৰঠাকুৰ এই নদী নামেৰে গ্ৰন্থখনিও উন্মোচন কৰা হয় ৷  দ্বিতীয় বোকাজান গ্ৰন্থমেলা আৰু ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিটো কাৰ্যসূচীত সহায়-সহযোগ, দিহা-পৰামৰ্শ তথা উপস্থিতিৰে গ্ৰন্থমেলাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ সমূহ ৰাইজলৈ গ্ৰন্থমেলাৰ সম্পাদক অঞ্জন বৰুৱাই অনুৰোধ জনাইছে ৷