Printer-friendly version

♦ ইভিএম বিকলৰ ফলত বহু পলমকৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৩ নং ডিফু লোকসভা সমষ্টিত পুৱা ৭ বজাৰপৰা আৰম্ভ হয়৷

বোকাজানত পুৱাৰেপৰা ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়৷ বোকাজান মহকুমাৰ সৰ্বমুঠ ২১২ টা ভোটগ্ৰহণ কেন্দ্ৰৰ অন্তৰ্গত ১৬৯, ১৭০, ১৭১ নং ভোট গ্ৰহণ কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাবে গঢ়ি তুলিছে আৰু তিনিওটা কেন্দ্ৰতেই মহিলা বিষয়াসকলক নিয়োগ কৰা হৈছে।

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে ৩ নং ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা ভোটগ্ৰহণ কেন্দ্ৰত ঘটিল অঘটন৷ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত সুখানী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়তে সোঁফাল আৰু বাঁওফালৰ ইভিএম মেচিন দুটা বিকল হৈ পৰাৰ উপৰি অমৰাজান প্ৰাথমিক বিদ্যালয়তো ইভিএম মেচিন বিকল হোৱা ঘটনা সংঘটিত হয়৷

ফলত প্ৰায় ১/২ ঘণ্টা সময় ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰাখিবলগীয়া হয়৷ পৰৱৰ্তী সময়ত বহু পলমকৈ নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষৰ তত্বাৱধানত ইভিএম মেচিন দুটা কাৰ্যক্ষম কৰি তোলাত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হয়৷ ৩ নং ডিফু লোকসভা এলেকাৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ২১২ টা ভোট কেন্দ্ৰত বিয়লি ৫ বজালৈ ভোটৰ হাৰ ৭২.২৫ শতাংশ বুলি জিলা নিৰ্বাচনী বিষয়া তথা বোকাজান মহকুমাৰ মহকুমাধিপতি সতীশ চন্দ্ৰ ঠাকুৰীয়াই জানিবলৈ দিছে৷