নতুন দিল্লীঃ আজি এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰা বিমান (AI 191 Mumbai-Newark flight) এখনত বোমা সংস্থাপিত কৰা হৈছে বুলি খৱৰ পোৱাৰ পিচতেই নিউয়ৰ্ক অভিমুখী এই বিমানখন লণ্ডনত জৰুৰীভাবে অৱতৰন কৰোৱা হয়।
উল্লেখযোগ্য যে এয়াৰ ইণ্ডিয়াৰ ফ্লাইট নম্বৰ ''AI 191’’ বয়িং ৭৭৭ বিমানখনে মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰাৰ পিচতেই বিমানখনত বোমা আছে বুলি বাতৰি এটা পোৱাত জৰুৰীভাৱে বিমানখনক জৰুৰীভাৱে লণ্ডনৰ স্টানষ্টেড বিমান বন্দৰত আজি স্থানীয় সময়মতে ৰাতিপুৱা ১০.৩০ বজাত জৰুৰীভাৱে অৱতৰন কৰোৱা হয় বুলি এয়াৰ ইণ্ডিয়াৰ এক সুত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া বুলি প্ৰকাশ।