গুৱাহাটী/বঙাইগাঁওঃ একেদিনাই ৪ জনকৈ লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ এম এম ইছলামৰ ভূমিকাক লৈ উত্থাপিত হৈছে প্ৰশ্ন। স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত কেইগৰাকীমান নাৰ্ছে সংবাদ মাধ্যমৰ আগত চিকিৎসকগৰাকীয়ে মাস্ক খুলি দিয়া বুলি দাবী কৰাৰ পিছতে ছ’চিয়েল মিডিয়াতো একাধিক নেটিজেনে চিকিৎসকগৰাকীক একপ্ৰকাৰ ভিলেইন সজোৱা পৰিলক্ষিত হৈছে। 

এগৰাকী নাৰ্ছে চিকিৎসকগৰাকীৰ বহিঃৰাজ্যত অধ্যয়নৰত দুই সন্তান অসমলৈ উভতাৰ পিছত কোৱাৰেণ্টাইন নকৰা বুলিও অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ লগতে ভাৰতৰ কৰ’নাৰ অন্যতম হটস্পট নিজামুদ্দিনৰ তবলীগ জামাতলৈ যোৱা লোকৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰি চলাৰ কথাও সদৰী কৰিছিল নাৰ্ছগৰাকীয়ে।

ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে এই অভিযোগ উত্থাপিত হোৱাৰ লগে লগে বিষয়টোক লৈ তদন্ত ঘোষণা কৰিছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শুকুৰবাৰেই বঙাইগাঁৱত গৈ উপস্থিত হয় স্বাস্থ্য বিভাগৰ এটা উচ্চস্তৰীয় দল। এই দলটোৱে চিকিৎসক ডাঃ এম এম ইছলামৰ আচাৰ-ব্যৱহাৰ সম্পৰ্কে নজৰ দিয়াৰ লগতে অভিযোগসমূহৰ সত্যাসত্যক লৈও অনুসন্ধান আৰম্ভ কৰিছে।

তবলীগ জামাতলৈ যোৱা লোকৰ সৈতে মিতিৰালি পাতি আৰু ক’ভিড-১৯ৰ বাবে ল’বলগীয়া সাৱধানতামূলক ব্যৱস্থাৰ শৰাধ পাতি বঙাইগাঁও জিলাত ক’ৰনাৰ সংক্ৰমণ বিয়পি যোৱাত সাৰ-পানী যোগোৱা মূল মানুহজন হিচাপে অভিযোগ উত্থাপিত হোৱাৰ পিছতে এই সন্দৰ্ভত সবিশেষ জানিবলৈ NNOৰ তৰফৰ পৰা স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত আন চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে যোগাযোগ কৰা হয়।

বহিঃৰাজ্যৰ পৰা অহা সন্তানক কোৱাৰেণ্টাইন কৰিছিলনে ডাঃ ইছলামে?

সংবাদ মাধ্যমৰ আগত কৰা অভিযোগত নাৰ্ছগৰাকীয়ে দাবী কৰিছিল যে ডাঃ ইছলামৰ বহিঃৰাজ্যত থকা দুই সন্তান ঘৰলৈ উভতিছিল যদিও কোৱাৰেণ্টাইন নকৰি সেই কথা গোপনে ৰাখিছিল। নাৰ্ছগৰাকীৰ এই অভিযোগ কিমান সত্য সেয়া জানিবলৈ NNOৰ তৰফৰ পৰা চিকিৎসকগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰাত সেই অভিযোগ পোনছাটেই নাকচ কৰে।

পৰিয়ালৰ এগৰাকী সদস্যই কয় যে যোৱা ২২ মাৰ্চত চিকিৎসকগৰাকীৰ বহিঃৰাজ্যত অধ্যয়নৰত পুত্ৰ আৰু কন্যাই আহি বঙাইগাঁৱৰ ঘৰত উপস্থিত হৈছিল। 'বাবা আৰু মাইনা দুয়ো ২২ তাৰিখে ঘৰ আহি পাইছিল। লগে লগে দাদাই ডিচিক কথাটো জনাইছিল আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ কৈছিল। দাদাই যিহেতু বাবা-মাইনাৰ সংস্পৰ্শলৈ আহিছিল সেয়ে নিজেও যাতে কোৱাৰেণ্টাইনত থাকিব পাৰে তাৰ ব্যৱস্থা কৰি কৰি দিবলৈ উপায়ুক্তক লিখিতভাৱে জনাইছিল।’-এইদৰে কয় চিকিৎসকগৰাকীৰ এগৰাকী ঘনিষ্ঠ আত্মীয়ই।

আত্মীয়গৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ দৰেকৈ চিকিৎসগৰাকীৰ কন্যা ৰাজস্থানৰ কোটাৰ পৰা অহা নাই বুলিও জনায়। তেওঁ কয় যে ডাঃ ইছলামৰ পুত্ৰই দিল্লীত টেকনিকেল বিষয়ক পাঠ্যক্ৰম কৰি আছে আৰু কন্যাই ছিকিম মনিপাল ইউনিভাৰ্ছিটিত মেডিকেল পঢ়ি আছে। ৰাজস্থানৰ কোটাত ২০১৫ চনতেই কচ্ছিং গ্ৰহণ কৰিছিল বুলিও স্পষ্ট কৰি দিয়ে আত্মীয়গৰাকীয়ে।

চিকিৎসক ডাঃ ইছলামে NNOক ফোনযোগে জনোৱামতে জিলা প্ৰশাসনক পুত্ৰ-কন্যাৰ কথা জনোৱাৰ পিছতে প্ৰশাসনে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি দিছিল। হোম কোৱাৰেণ্টাইনৰ সবিশেষ তথ্য-প্ৰমাণ ঘৰত আছে বুলিও জনাই চিকিৎসকগৰাকীয়ে। 'কোৱাৰেণ্টাইনত থকাৰ পিছত এডমিনিষ্ট্ৰেশ্যনৰ পৰা দিয়া কাগজখনো আমাৰ লগত আছে। কিন্তু সেয়া ঘৰতে থাকিল। আমি সকলো এতিয়া হাস্পতালত আছো। কিন্তু ঘৰলৈ যোৱাৰ পিছত সেই কাগজখন দিব পাৰিম।’-পুত্ৰ-কন্যা বাহিৰৰ পৰা ঘৰলৈ অহাৰ পিছত সকলো কথা গোপন কৰি ৰখা বুলি উত্থাপিত অভিযোগ খণ্ডন কৰি এইদৰে কয় চিকিৎসকগৰাকীয়ে।

কেৱল পুত্ৰ-কন্যাই নহয়, পুত্ৰ-কন্যাৰ সস্পৰ্শলৈ অহা বাবে নিজেও কোৱাৰেণ্টাইনত থাকিব বিচাৰিছিল ডাঃ ইছলামে। কোৱাৰেণ্টাইনত থকাৰ অনুমতি বিচাৰি তেওঁ প্ৰশাসনলৈ পত্ৰও লিখিছিল। কিন্তু প্ৰশাসনে সেয়া কৰিব নালাগে বুলি কৈ চিকিৎসা সেৱা আগবঢ়াই যাবলৈ ক’লে।

'ময়ো কোৱাৰেণ্টাইনত থাকিম বুলি এডমিনিষ্ট্ৰেশ্যনক কৈছিলো। কিন্তু তেওঁলোকে ক’লে যে হাস্পতালত এইকেইদিন ট্ৰিটমেণ্ট কৰাৰ বহুত প্ৰয়োজন আছে। সেয়ে মোক কোৱাৰেণ্টাইনত থাকিব নালাগে বুলি কৈ ডিউটি কৰি যাবলৈ ক’লে। মই ডিউটি কণ্টিনিউ কৰি থাকিলো। নহ’লে তেতিয়াই ল’ৰা-ছোৱালীহাল কোৱাৰেণ্টাইনত থকা সময়তে ময়ো কোৱাৰেণ্টাইনত থাকিলোহেতেন।’-ডাঃ ইছলামে কয়।

মাস্ক খুলি দিয়া সন্দৰ্ভত কি ক’লে সহকৰ্মীসকলে?

মাস্ক খুলি দিয়া বুলি অভিযোগ উত্থাপিত হোৱাক লৈয়ো আশ্বৰ্য প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে। তেওঁ কয় যে মানুহৰ জীৱন বচোৱাৰ সপোন দেখিয়েই এদিন পিতৃৰ দৰেকৈ চিকিৎসক হ’বলৈ আগবাঢ়ি আহিছিল। 'মোৰ দেউতাও এগৰাকী চিকিৎসক আছিল। মানুহক জীৱন দিবলৈকে ময়ো এই পেছাৰ সৈতে জড়িত হৈ পৰিছো। তেনেক্ষেত্ৰত কৰ’না মহামাৰীৰ ভয়াৱহতাক আওকাণ কৰি মাস্ক খুলি দিবলৈ কোৱাৰ কথা আহিবই নোৱাৰে।’-ডাঃ ইছলামে কয়।

ডাঃ ইছলামে জনোৱা মতে, বসন্ত ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়ত যেতিয়া ভাৰতত ৰাছিয়ান ভেকচিন প্ৰদান কৰি থকা হৈছিল তেতিয়া ভেকচিন দিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃ্ত্যুক সাৱটিছিল তেওঁৰ পিতৃ ডাঃ আব্দুল মতিন সৰকাৰে। 'মহামাৰীৰ ভয়াৱহ ৰূপ আমি সৰুতেই দেখিছিলো। মোৰ দেউতাৰ ভেকচিন দিবলৈ যাওতে দুৰ্ঘটনাত মৃত্যু হৈছিল। সেয়ে কৰ’নাক লৈ মই আৰম্ভণিৰে পৰা আমাৰ স্বাস্থ্য কেন্দ্ৰৰ সকলোকে সতৰ্ক কৰি দিছিলো। এতিয়া কথাবোৰ শুনি হাঁহিও উঠিছে। দুখো লাগিছে।’-ডাঃ ইচলামে কয়।

ডাঃ ইছলামে মাস্ক খুলি দিয়াৰ সম্ভাৱনা কিমান সেয়া জানিবলৈ NNOৰ তৰফৰ পৰা স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত কেবাগৰাকী চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সৈতে যোগাযোগ কৰাত নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে যিমান দিন তেওঁলোকে চিকিৎসকগৰাকীৰ সৈতে কাম কৰিছে সিমান দিনেই কৰ্তব্যত গাফিলতি কৰাতো তেওঁলোকৰ দৃষ্টি গোচৰ হোৱা নাই। অৱশ্যে এগৰাকী স্বাস্থ্যকৰ্মীয়ে ডাঃ ইছলাম ডিউটিৰ সময়ত যথেষ্ট কঢ়া আৰু ছিৰিয়াছ আছিল বুলি জনায়।

'ছাৰ বহুত ষ্ট্ৰিক্ট। ডিউটিৰ টাইমত কোনোৱে ইফাল-সিফাল কৰিলেই গালি দিয়ে। ছাৰক এইকেইদিন বহুত ছিৰিয়াছ হৈ থকা দেখিছিলো। ষ্ট্ৰিক্ট বাবে দুই-এজনে ছাৰক অলপ বেয়াও নোপোৱা নহয়। কিন্তু ছাৰে মাস্ক খুলি দিয়াতো আমি বিশ্বাস কৰিব পৰা নাই। কি সঁচা, কি মিছা নাজানো। যদি কৰিছেও তদন্তত সকলো পোহৰলৈ আহিব। আমি এতিয়া কোৱাৰেণ্টাইনত আছো। গাঁৱত আমাৰো কৰ’না হোৱা বুলি ওলাইছে। আমাৰ ফেমিলিৰ মানুহকে ওচৰ-চুবুৰীয়াই মিছবিহেভ কৰিছে।’-এইদৰে কয় বৰ্তমান কোৱাৰেণ্টাইনত থকা এগৰাকী স্বাস্থ্যকৰ্মীয়ে।

আন এগৰাকী চিকিৎসকেও কয় যে যিকেইদিন তেওঁ ডাঃ ইছলামক পাইছে সেইকেইদিনত কৰ্তব্যত গাফিলতি কৰা কেতিয়াও দেখিবলৈ পোৱা নাই। স্বাস্থ্যকৰ্মীগৰাকীৰ দৰেকৈ চিকিৎসকগৰাকীয়েও ডাঃ ইছলাম ডিউটিৰ সময়ত যথেষ্ট ছিৰিয়াছ আৰু কঠোৰ বুলি জানিবলৈ দিয়ে। 'ছাৰক মই ইমান দিনো পোৱা নাই। কিন্তু যিকেইদিন পাইছো তেনেধৰণে মাস্ক খুলি দিয়া দেখা নাই। এইকেইদিনতো কৰ’নাক লৈ ছাৰক যথেষ্ট ছিৰিয়াছ দেখিছিলো। আনকি তেখেতে আমাকো এনিটাইম ছিৰিয়াছ হৈ থাকিবলৈ সোঁৱৰাই আছিল।’-ডাঃ ইছলামৰ এগৰাকী সহকৰ্মী চিকিৎসকৰ মন্তব্য।

জামাতলৈ যোৱা লোকক চিকিৎসা কৰিছিলনে ডাঃ ইছলামে?

নিজামুদ্দিনৰ তবলীগ জামাতলৈ যোৱা লোকক চিকিৎসা কৰিছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ডাঃ ইছলামে কয় যে এইকেইদিন তেওঁ ডিউটিত থকা সময়ত কাক কাক চিকিৎসা কৰিছিল সেই সকলো তথ্য স্বাস্থ্যকেন্দ্ৰৰ ৰেজিষ্টেশ্যন ছিষ্টেমত বিচাৰিলেই পোৱা যাব। যদিহে জামাতৰ সৈতে সম্পৰ্ক থকা কোনো লোক চিকিৎসা কৰিবলৈ চিকিৎসালয়লৈ আহিছিল আৰু সেই কথা কোৱা নাছিল তেন্তে সেইসকল লোকৰ কথা জনাতো কেৱল তেওঁ বুলিয়েই নহয়, কোনো চিকিৎসকৰ বাবেই সম্ভৱপৰ নহয়।

'মই এইকেইদিন বহুতক চিকিৎসা কৰিছো। যথেষ্ট সাৱধানতাৰে চিকিৎসা কৰিছো। প্ৰেছক্ৰিপশ্যনবোৰ চালেই ওলাই পৰিব মই কাক কাক চিকিৎসা কৰিছো। এতিয়া মেডিকেললৈ অহা কোনোৱে যদি জামাতৰ লোকৰ সংস্পৰ্শলৈ আহিছিল সেয়া তেওঁলোকে আগতীয়াকৈ নক’লে আমাৰ পক্ষে জনাতো সম্ভৱ নহয়।’-ডাঃ ইছলামে কয়।

কোৱাৰেণ্টাইনত কিয় অসহযোগ কৰিছে ডাঃ ইছলামে?

কোৱাৰেণ্টাইনত অসহযোগ কৰা বুলি প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত ডাঃ ইছলামৰ ঘনিষ্ঠ আত্মীয়জনে কয় যে যিগৰাকী চিকিৎসকে পুত্ৰ-কন্যা বাহিৰৰ পৰা অহাৰ পিছত নিজেও কোৱাৰেণ্টাইন হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল সেইগৰাকী লোকে কোৱাৰেণ্টাইনত অসহযোগ কৰাৰ প্ৰশ্নই উত্থাপিত হ’ব নোৱাৰে। কিন্তু কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত যেতিয়া প্ৰশাসনৰ একাংশ লোকে বৈষম্যমূলক আচৰণ কৰে তেন্তে প্ৰশ্ন উত্থাপিত হোৱাতো স্বাভাৱিক বুলিও মন্তব্য কৰে আত্মীয়জনে।

আত্মীয়জনে কয় যে দুজনকৈ স্বাস্থ্যকৰ্মীৰ দেহত পজিটিভ ধৰা পৰাৰ পিছতে স্বাস্থ্য কেন্দ্ৰটো ছীল কৰি সকলো চিকিৎসক-নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীক ভাল ব্যৱস্থা প্ৰদান কৰি হোটেলত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে সেই সময়তে ডাঃ ইছলাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক কোৱাৰেণ্টাইন কৰা হৈছে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত। 'সকলোকে হোটেলত কোৱাৰেণ্টাইন কৰিলে। কিন্তু দাদা চিকিৎসক আনকি চিকিৎসা বিষয়া হোৱা সত্বেও হাস্পতালত কোৱাৰেণ্টাইন কৰাক লৈ আমি আচৰিত হৈছো। তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিছে।’-আত্মীয়জনে কয়।

নাম প্ৰকাশত অনিচ্ছুক আত্মীয়জনে যিগৰাকী নাৰ্ছে ডাঃ ইছলামৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে সেইগৰাকী নাৰ্ছৰ সৈতে বহুদিন আগতেই কোনো কথাক লৈ কথাৰ কটা-কটি হৈছিল বুলিও জনায়। 'মই ইমান ভালকৈ নাজানিম। কিন্তু নাৰ্ছগৰাকীয়ে কৰা কাম এটাক লৈ দাদা খৰ্গহস্ত হৈছিল। সকলোৱে জানে দাদা বহুত ষ্ট্ৰিক্ট। সেয়ে নাৰ্ছগৰাকীয়ে চাঞ্চ বিচাৰি আছিল। এতিয়া এনেদৰে মিছা মিছা কথা কৈ সকলোকে বিপথে পৰিচালিত কৰিব বিচাৰিছে। দাদাৰ ল’ৰা-ছোৱালী কোনোৱেই কোটাত নপঢ়ে, ছোৱালীজনীয়ে ২০১৫ চনতেই কোটাত ক’চ্ছিং লৈছিল। কিন্তু নাৰ্ছগৰাকীয়ে কৈছে যে ল’ৰা-ছোৱালী দুটা কোটাত পঢ়ে।’-ডাঃ ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে বুলি অভিযোগ কৰি আত্মীয়গৰাকীয়ে কয়।

তেওঁ আৰু কয় যে আঠগাঁৱৰ মছজিদত জামাতীক লগ কৰা যিজন লোকৰ সৈতে ডাঃ ইছলাম সংস্পৰ্শলৈ আহিছিল বুলি অভিযোগ উঠিছে সেইজন লোক জামাতলৈ যোৱা লোকৰ সম্পৰ্কলৈ অহাৰ পিছতো প্ৰশাসনে কিয় টেষ্টৰ ব্যৱস্থা কৰা নাই আৰু যদি কৰিছে টেষ্টৰ ৰিজাল্ট পজিটিভ নে নিগেটিভ সেয়া নজনোৱাকৈ বিষয়টোক লৈ হৈ-চৈ কৰি থকাতো হাস্যকৰ। 'লোকজনক পৰীক্ষা কৰিছে নে নাই সেয়া স্পষ্ট কৰক। জামাতীৰ টাচ্ছত আহিছে। তাৰ পিছতো টেষ্ট নকৰাকৈ আছে যদি ভয়ংকৰ কথা। যদি টেষ্ট কৰিছে আৰু নিগেটিভ পাইছে তেন্তে লোকজনক লগ কৰাৰ সৈতে সংক্ৰমণৰ সম্পৰ্কৰ কথা আহে কেনেকৈ?’-আত্মীয়গৰাকীৰ প্ৰশ্ন।

আনহাতে যিগৰাকী নাৰ্ছে ডাঃ ইছলামৰ বিৰুদ্ধে সংবাদ মাধ্যমত অভিযোগ উত্থাপন কৰিছে সেইগৰাকী নাৰ্ছৰ স্বামী আৰএছএছৰ সৈতে জড়িত বুলিও দাবী কৰে আত্মীয়গৰাকীয়ে। তেওঁ কয়, 'নাৰ্ছগৰাকীৰ হাজবেণ্ড আৰএছএছৰ সৈতে জড়িত বুলি শুনিছো। পুৰণি শত্ৰুতাৰ বাবে নাৰ্ছগৰাকীয়ে আৰু কেইজনমানৰ সৈতে লগলাগি এনেকৈ ষড়যন্ত্ৰ কৰিছে। তদন্ত হওক। তদন্তৰ পিছত সকলো স্পষ্ট হৈ পৰিব। কিন্তু এনেকৈ এজন লোকৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা আৰু সমাজত বিষবাষ্প বিয়পাই দিয়াতো দুৰ্ভাগ্যজনক।’