♦ মুক্তিযুদ্ধা জিউ ৰাম গগৈৰ বিজেপিত যোগদান

বৰহোলাঃ বৰহোলাত লোকসভা নিৰ্বাচনৰ ঠাণ্ডা বতাহজাকি মঙলবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি গৰম কৰি তুলিলেহি।

বৰহোলাৰ হবিবুল হুছেইন শিশু নিকেতনৰ খেলপথাৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা হেলিপেডৰপৰা শ শ বাইক আৰোহিৰ লগতে বহুসংখ্যক দলীয় সমৰ্থকে সভাস্থলী বৰহোলা বাগান খেলপথাৰলৈ আদৰি আনে যোৰহাট সমষ্টিৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী তপন গগৈ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

বাগান খেলপথাৰত দুয়োখন জিলাক সামৰি অনুষ্ঠিত কৰা আৰু হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতত বিজেপিৰ তিতাবৰ মণ্ডলৰ সম্পাদক দেৱজিৎ সোণোৱালে আঁত ধৰা ৰাজহুৱা সভাত বক্তব্য প্ৰদান কৰি বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে বিজেপি চৰকাৰে ৰূপায়ন কৰা উন্নয়নৰ দিশসমূহৰ কথা অৱগত কৰাৰ লগতে বিজেপি মিত্ৰগোষ্ঠীৰ চৰকাৰে যে অসমৰ উন্নয়ন সাধিব পাৰিব তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ভোট দিবলৈ আহ্বান জনায়।

লগতে কংগ্ৰেছৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে জনসাধাৰণক ভোট দিবলৈ আহ্বান জনায়। সভাত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কামাখ্যা প্ৰসাদ তাচাই বক্তব্য প্ৰদান কৰি কয়, নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ মোডী চৰকাৰ বিচাৰে জনসাধাৰণে। সেয়ে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়যুক্ত কৰিব লাগে।

সভাৰ মুখ্য আকৰ্ষণ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰি কয় যে তৰুণ গগৈৰ ১৫ বছৰীয়া শাসন কালত তিতাবৰত গগৈয়ে কোনো উল্লেখযোগ্য স্থায়ী অনুষ্ঠান নিৰ্মাণ কৰিবলৈ সক্ষম নহ'ল, য'ত স্থায়ী অনুষ্ঠান নিৰ্মাণৰ বহু সুবিধা আছিল।

গগৈৰ কাৰ্যকালত তেওঁ নিজেই এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল আৰু তিতাবৰত কোনো স্থায়ী আঁচনি লোৱাৰ বিষয়ে আনকি আলোচনাও কৰা নাছিল। তাৰ বিপৰীতে জালুকবাৰী সমষ্টিত তিতাবৰকৈ বহু বেছি উন্নয়ন হ'ল।

প্ৰমাণ বিচাৰিলে জালুকবাৰী সমষ্টি চাক্ষুক প্ৰমাণ ল’বলৈ তেওঁ আহ্বান জনায়। বিজেপি চৰকাৰে দেশত  স্নাতক পৰ্যায়লৈকে মাছুল ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দশম শ্ৰেণীলৈকে বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰাৰ দৰে স্নাতক পৰ্যায়তো বিনামূলীয়াকৈ পাঠ্য পুথি বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

স্বামীৰ মৃত্যুৰ পাছত বিধবা মহিলাৰ বাবে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়াব। লগতে নিৰ্বাচনৰ পাছতে বিবাহ উপযোগী ছোৱালীৰ পিতৃ-মাতৃক এতোলাকৈ সোণ দিব। 

বিজেপিৰ মুখপাত্ৰ তথা তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, যোৰহাট জিলা বিজেপিৰ সভাপতি জিতু হাজৰিকা, তিতাবৰৰ তত্বাৱধায়ক শিল্পী কৃষ্ণ মণি চুতীয়া, বিজেপিৰ তিতাবৰ মণ্ডলৰ সভাপতি পৰেশ বৰদলৈকে আদি কৰি বহু সংখ্যক দলীয় নেতা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

সভাত বিজেপিৰ প্ৰতি সৰ্মথন আগবঢ়াই মুক্তিযুদ্ধা বয়োজ্যেষ্ঠ জিউ ৰাম গগৈ, অধিবক্তাদ্বয় প্ৰেম এন্ঠনী আৰু কৃষ্ণা বৰুৱাই দলত যোগদান কৰে।