দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বিশিষ্ট অভিনেতা তথা বৰলা কাই ধাৰাবাহিক চিৰিয়েলখনৰ চিত্ৰ নাট্য ৰচক বিপুল বশিষ্ঠ গোস্বামীৰ বৃহস্পতিবাৰে বিয়োগ হয়৷ এক জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত কালি বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যু হয়৷ 

বিশিষ্ট শিল্পী গৰাকীয়ে বৰলা কাই নামৰ ধাৰাবাহিকখনৰ জৰিয়তে নলবাৰীৰ মানুহৰ কথাকোৱাৰ দিশটো সমগ্ৰ অসমবাসীৰ ওচৰত পৰিচয় কৰাবলৈ সক্ষম হোৱাৰ উপৰিও উঠি অহা নতুন প্ৰজন্মক অভিনয় ক্ষেত্ৰত জড়িত কৰাবলৈ সক্ষম হোৱাৰ লগতে কেইবা গৰাকীও অভিনেতা অভিনেত্ৰী সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ 

অপেছাদাৰী নাট্য দল সমুহক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ যথেষ্ট চেষ্টা কৰি তেওঁ সফল হ’ব পাৰিছিল৷ তেখেতৰ অকাল বিয়োগত নলবাৰীৰ লগতে অসমৰ সাংস্কৃতিক দিশত এক অভাৱনীয় ক্ষতি হোৱা বুলি মত প্ৰকাশ কৰে বিভিন্ন বিশিষ্ট ব্যক্তিয়ে৷ তেখেতৰ মৃতদেহ নলবাৰীলৈ আনি এখন ফুল সজ্জিত বাহনেৰে নলবাৰী চহৰ পৰিভ্ৰমণ কৰি নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যলয়ৰ বাকৰিত নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, উন্নতি সভা, সাহিত্য সভা, কৰ্মচাৰী পৰিষদ, বিভিন্ন নাট্যকৰ্মী, বৰলা কাই চিৰিয়েল খনত অভিনয় কৰা হিৰণ্য ডেকা কে ধৰি কেইবাগৰাকী ও অভিনেতা অভিনেত্ৰীয়ে বিপুল বশিষ্ট গোস্বামীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে৷ 

শ্ৰদ্ধাঞ্জলি প্ৰদান কৰি মৃতকৰ আত্মাই সৎগতি লাভ কৰাৰ উদ্দেশ্যি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়৷ ইয়াৰ পাছত এক ৰেলীৰে নলবাৰীৰ ৰাজহুৱা শ্মশানত বিশিষ্ট নাট্যকৰ্মী গৰাকীৰ দেহ সৎকাৰ কৰা হয়৷ তেখেতৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতত এক শোকৰ ছাঁ পৰিছে৷