দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ ৪২ সংখ্যক নৰোৰাম বর্মন সোঁৱৰনী ফুটবল প্রতিযোগিতাত বুধবাৰে খেলত পৰৱর্তী ছেমিফাইনেল খেলৰ বাবে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হয় অইল ইণ্ডিয়া দুলীয়াজানে৷

চামতা আঞ্চলিক ক্রীড়া সংঘৰ উদ্যোগত চলি থকা সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃৃতি প্রাপ্ত প্রতিযোগিতাখনৰ আকর্ষনীয় শেষৰখন কোৱার্টাৰ ফাইনেল মেচত অইল ইণ্ডিয়া দুলীয়াজানে ঘৰুৱা দল চামতা আঞ্চলিক ক্রীড়া সংঘক ৫—০ গ’লত পৰাজিত কৰি পৰৱর্তী ছেমিফাইনেত স্থান দখল কৰে৷

প্রথমার্দ্বৰ ৩৫ মিনিটত আৰু ৪৪ মিনিটত অইল ইণ্ডিয়া দলৰ হৈ দুটা গ’ল স্কৰ কৰে টুইল্যা দাস আৰু চাইৰন দ্বিপ মৰানে৷ খেলৰ দ্বিতীয়ার্দ্ধৰ সময়ত ক্রীড়া সংঘ দলে অকনো অগ্রগতি দেখুৱাব নোৱাৰিলে আৰু  দ্বিতীয়ার্দ্ধৰ ১৫ মিনিটত অইল ইণ্ডিয়াৰ হৈ চাইৰন দ্বিপ মৰান, ৩৪ মিনিটত কপিল বড়োই আৰু ৪৪ মিনিটত মিন্টু বড়োই  এটা গল স্কৰেৰে মুঠ একপক্ষীয়ভাবে অইল ইণ্ডিয়া দুলিয়াজানে ৫—০ গ’লৰ ব্যৱধানত হৰুৱাই চামতা ক্রীড়া সংঘ দলক পৰাজিত কৰে।