বৰপেটাঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিশ্ব বিখ্যাত ঢাৰী নগৰী¸ বিদ্যা নগৰী তথা ক্ষুদ্ৰ উদ্যোগৰ বাণিজ্য নগৰী কয়াকুছিত অৱস্থিত পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পুষ্টি পষেক প্ৰদৰ্শনী মেলা শুকুৰবাৰে আয়োজন কৰা হয়।

উক্ত দিনজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুষ্টি বিষয়ত খাদ্য প্ৰদৰ্শনীৰ আয়োজন কৰে মুখ্য সেৱিকা আৰু বিভিন্ন অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে। বিভিন্ন শাক-চবজি, ফল-মূল, সুষম খাদ্য আৰু গাখীৰ, কণী আদি প্ৰদৰ্শনীৰে আয়োজন কৰা মেলাত মনোমোহা পৰিৱেশ সৃষ্টি কৰি সকলোকে আনন্দিত কৰি তোলে। 

কাৰ্যালয়টোৰ মুখ্য সেৱিকা দুলুমনি দাস আৰু অনুভা দাসে আঁত ধৰা প্ৰদৰ্শনী মেলাৰ সৈতে বিভিন্ন গীত-মাতে সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত কাৰ্যালয় উচ্চ বৰ্গৰ সহায়ক হিমাংশু দাস¸ এছ এ ছাইদুৰ ৰহমান, কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদেও অংশ গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰে। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা পুষ্টি পষেক মেলা সন্ধিয়া জাতীয় সংগীতেৰে সামৰণি পৰে। এনে প্ৰদৰ্শনী আৰু সজাগতাই সমাজৰ সকলোকে উপকৃত কৰিব বুলি মতপোষণ কৰে।