কোকৰাঝাৰঃ দেশৰ উপৰিও আন্ত:ৰাষ্ট্ৰীয় বজাৰত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা হস্ততাত অাৰু বস্ত্ৰশিল্পৰ অন্যতম প্ৰতিষ্ঠান বিটিএডিস্থিত  ব্ৰাফেডে নিজৰ  উৎপাদিত  সামগ্ৰী সমূহ বিশ্বৰ বজাৰত সমাদৃত হোৱাৰ সহায়ক হোৱাকৈ তথা ৰাইজৰ আগত দাঙি ধৰাৰ লক্ষ্যৰে আজি কেবাখনো কেটলগ আৰু ক্ৰাফট ডিজাইনৰ পুস্তিকা উন্মোচন কৰে৷

আজি সন্ধিয়া কোকৰাঝাৰ চহৰস্থিত ব্ৰাফেড এম্পৰিয়ামৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গাম্ভিৰ্যপূৰ্ণ  সভাত কেটলগ আৰু ক্ৰাফট ডিজাইনৰ পুস্তিকা কেইখন উন্মোচন কৰে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰী আৰু ব্ৰাফেডৰ অধ্যক্ষ বিনোদ নাৰ্জাৰীয়ে ৷

উন্মোচনী সভাত ব্ৰাফেডৰ পৰিচালন সঞ্চালক এন.এন.ৰানা পাটগিৰিয়ে নিজৰ চমু ভাষণত কয় যে ব্ৰাফেডে নিজৰ উৎপাদিত হস্ত আৰু বস্ত্ৰ শিল্পৰ সামগ্ৰী সমূহ দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও পশ্চিম ইউৰোপ , জাপান , ব্ৰাজিলত বিশেষ সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰোপৰি ব্ৰাফেডে সম্প্ৰতি দক্ষিণ কোৰিয়াত বজাৰ দখল কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বিগত বৰ্ষত ব্ৰাফেডে সৰ্বমুঠ ১৮ কোটি টকাৰো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষত ২২ কোটিৰো অধিক ব্যৱসায় কৰিবলৈ লক্ষ্য স্থিৰ কৰিছে বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক এন এন ৰাণা পাটগিৰিয়ে।