উৰিষ্যাঃ তিনিশ কিলোগ্ৰামৰ ওজনৰ অস্ত্ৰ কঢ়িয়াবপৰা ক্ষমতাসম্পন্ন দ্ৰুতবেগী ক্ৰুজ ক্ষেপনাস্ত্ৰ 'ব্ৰাহ্মচ’ৰ সফল পৰীক্ষণেৰে আজি প্ৰতিৰক্ষাৰ দিশত ইতিহাস গঢ়িবলৈ সক্ষম হৈছে ভাৰত। শনিবাৰে দিনৰ ১১ বাজি ৩০ মিনিটত উৰিষ্যাৰ চান্দিপুৰৰপৰা ম’বাইল প্ৰক্ষেপকযোগে এই ক্ৰুজ ক্ষেপনাস্ত্ৰৰ প্ৰক্ষেপণৰ সফল পৰীক্ষণ কৰা হয়।

এই পৰীক্ষণ সফল হোৱা বুলি ডিআৰডিঅ’ই প্ৰকাশ কৰিছে। দুতৰপীয় মিছাইলযুক্ত এই ক্ষেপনাস্ত্ৰ পুৰ্বেও ২০১৪ চনত কলকাতাৰ আইএনএচৰপৰা ইয়াৰ প্ৰক্ষেপণৰ পৰীক্ষণ কৰা হৈছিল। ২০১৫ বৰ্ষতো কোচিৰপৰা এই ক্ষেপনাস্ত্ৰৰ পৰীক্ষামূলক প্ৰক্ষেপণ কৰা হৈছিল।