গুৱাহাটীঃ এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়াত বিশেষ খলকনি তুলিছে৷ বিয়াৰ নিশা সকলো মাংগলিক কাৰ্য শেষ হোৱাৰ পাছত জন্ম হৈ ডাঙৰ-দীঘল হোৱা ঘৰখন এৰি স্বামী গৃহলৈ যোৱাৰ সময়ৰ এগৰাকী ন-কইনাৰ এটা ভিডিঅ’৷

ভিডিঅ’টোত দেখা গৈছে যুৱতী গৰাকীয়ে গৃহ ত্যাগৰ সময়ত এমুঠি চাউলেৰে পিতৃ-মাতৃৰ ঋণ পৰিশোধ কৰাৰ যি পৰম্পৰা প্ৰচলন আছে, সেই পৰম্পৰা ভংগ কৰিলে৷ তেওঁ কোৱা শুনা গৈছে ‘মা-দেউতাৰ ঋণ কাহানিও পৰিশোধ কৰিব পৰা নাযায়'৷

এফালে, পিতৃ গৃহ ত্যাগৰ সময়ত কইনা গৰাকীয়ে কান্দিবলৈও অমান্য হৈছে৷ তেওঁ অতি মুকলি মনেৰে গৃহ ত্যাগৰ দৃশ্যৰ এই ভিডিঅ’টো ফেচবুকৰ ৩৬ লাখ লোকে ইতিমধ্যে চাইছে৷