ফটোঃ আছিফুল হুছেইন
ফটোঃ আছিফুল হুছেইন

নাজিৰাঃ  শিৱসাগৰ জিলাৰ নাজিৰাৰ সৌকাজান সত্ৰৰ এজন লোকৰ নিৰলস প্ৰচেষ্টাত গঢ় লৈ উঠিছে এটি কুটীৰ শিল্প উদ্যোগ। কাঠৰ উপৰিও শিল, বালি, মাটি, চিমেণ্টৰ সংমিশ্ৰণেৰে শিল্পীজনৰ হাতত প্ৰাণ পাই উঠে ভগৱানৰ মূৰ্ত্তি, আসন, দবা, নামঘৰৰ তোৰণ, কাছ,পদুম ফুল লগতে বিভিন্ন জীৱ জন্তুৰ মূৰ্ত্তি।

চেষ্টাৰ অসাধ্য একো নাই বুলি এষাৰ কথা আছে। এই কথাফাঁকিকে প্ৰতিপন্ন কৰি ভাস্কৰ্য শিল্পক বৃত্তি হিচাপে লৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমৰ ৰাইজলৈ একক প্ৰচেষ্টাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্ৰ নিজে হাতে তৈয়াৰ কৰিছে এইজন শিল্পীয়ে। লণ্ডনত সংৰক্ষণ হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্র অসম চৰকাৰে লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ৰ পৰা মাত্ৰ তিনিটা মাহৰ বাবে অসমলৈ অনাৰ ব্যৱস্থা কৰিছে যদিও তাৰ পৰৱৰ্তী সময়ত যাতে অসমৰ লোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্র চাব পাৰে তাৰ বাবেই শিল্পীজনৰ এই মহান প্ৰয়াস।

তেওঁৰ শিল্পী কৰ্ম কেৱল শিৱসাগৰতে সীমাবদ্ধ হৈ থকা নাই। তেওঁৰ কাৰ্য নিপুণতাৰ কথা বিয়পি পৰাৰ লগে লগে অসমৰ বিভিন্ন ঠাইৰ লোক আহি নামঘৰৰ বাবে মূৰ্ত্তি আৰু আসন নিৰ্মাণৰ দায়িত্ব শিল্পীজনক প্ৰদান কৰিছে। তেওঁ নিৰ্মাণ কৰা মূৰ্ত্তি তেওঁৰ ঘৰৰ পৰাও ক্ৰয় কৰে অসমৰ বিভিন্ন ঠাইৰ লোকে। ১৯৯৫ চনৰ পৰা নিৰলস সাধনাৰে অমৃত মহন্ত নামৰ শিল্পীজনে নিজৰ প্ৰচেষ্টাৰে ঘৰতে নিৰ্মাণ কৰি স্বাৱলম্বী হৈছে যদিও সমাজৰ বাবে কিবা এটা কৰাৰ হেপাঁহেৰে বৰ্তমানে লণ্ডনৰ বৃটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাৱনী বস্ত্র কাঠেৰে নিৰ্মাণ কৰিছে। ভাস্কৰ্য শিল্পৰ লগত জড়িত হৈ অমৃত মহন্তই কৰা এনে মহান প্ৰচেষ্টাক সকলোৱে আদৰণি জনাইছে।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীৰ লগতে অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকলৰ আৰু বহু কেইজন বিশিষ্ট ব্যক্তিৰ অনুপ্ৰেৰণাত আৰু অনাগত ভৱিষ্যতৰ বাবে কিবা কৰাৰ হেপাঁহতে অমৃত মহন্তই কাঠেৰে নিৰ্মাণ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি বৃন্দাৱনী বস্ত্র। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে কাঠেৰে নিৰ্মাণ কৰি থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বৃন্দাৱনী বস্ত্র সংগ্ৰহালয়ত সকলোৱে চাব পৰাকৈ ৰখাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অাহ্বান জনাইছে অমৃত মহন্তই।