বিশেষ সংবাদঃ ১৯৯০ চনত অসমত বলৱৎ কৰা হৈছিল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA। তেতিয়াৰে পৰা বৰ্তমানো অসমত প্ৰযোজ্য হৈ আছে উক্ত আইন। যোৱা ২৮ আগষ্টত পুনৰ ৰাজ্য চৰকাৰে সমগ্ৰ অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি উক্ত আইনৰ ম্যাদ আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰে। অসমৰ লগতে উত্তৰ-পূবৰ মণিপুৰসহ কেবাখনো ৰাজ্যত বৰ্তমানো প্ৰযোজ্য হৈ আছে এই AFSPA। ২০০০ চনৰ ৫ নৱেম্বৰত AFSPAৰ বিৰোধিতাৰে মণিপুৰত আমৰণ-অনশন আৰম্ভ কৰিছিল লৌহ মানৱী ইৰম শৰ্মিলাই।

AFSPAৰ দৰে ক’লা আইন অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে লাগি থকা ৩খনকৈ ৰাজ্য সন্দৰ্ভত আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। এই সিদ্ধান্ত অনুযায়ী অসম, পঞ্জাৱ আৰু পশ্চিমবংগত সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফক পূৰ্বতকৈ অধিক ক্ষমতা প্ৰদান কৰা হ’ব। ৰাজ্য তিনিখনত বিএছএফে এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা ৫০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা অঞ্চলত স্থানীয় আৰক্ষীৰ অনুমতি অবিহনেই গ্ৰেপ্তাৰ, সামগ্ৰী জব্দ আৰু তালাচী অভিযান চলাব পাৰিব। অসম, পঞ্জাৱ আৰু পশ্চিমবংগৰ লগতে কেন্দ্ৰীয় শাসিত ৰাজ্য জম্মু-কাশ্মীৰ আৰু লাডাখতো এই ক্ষমতা লাভ কৰিব বিএছএফে।

ৰাজ্যকেইখনত কিমান শক্তিশালী হ’ব বিএছএফ?

সীমা সুৰক্ষা বাহিনী (বিএছএফ) আইনৰ সংশোধনৰ জৰিয়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা ভাৰত-পাকিস্তান আৰু ভাৰত-বাংলাদেশ সীমাৰ ৩খন ৰাজ্যত বাহিনীটোৰ বিষয়াক অধিক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। যোৱা ১১ অক্টোবৰত প্ৰকাশ কৰা এক অধিসূচনাৰ জৰিয়তে বিএছএফ এক্ট, ১৯৬৮ৰ অধীনত ২০১৪ চনত দিয়া পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰি বিএছএফক এই ক্ষমতা প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে। 

উল্লেখ্য যে, ২০১৪ চনৰ নিৰ্দেশনা অনুযায়ী ৰাজস্থান, পঞ্জাব, পশ্চিমবংগ আৰু অসমত বিএছএফৰ ক্ষমতা সীমান্তৰ পৰা মাত্ৰ ১৫ কিলোমিটাৰ অঞ্চলতহে আছিল। অৱশ্যে গুজৰাটত বিএছএফক সীমান্তৰ পৰা ৮০ কিলোমিটাৰ পৰ্যন্ত নিজৰ ক্ষমতা প্ৰয়োগৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। ১১ অক্টোবৰৰ নতুন নিৰ্দেশনা অনুযায়ী বিএছএফে অসম, পঞ্জাৱ আৰু পশ্চিমবংগত সীমান্তৰ পৰা ৫০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলত দণ্ডাধীশৰ আদেশ আৰু ৱাৰেণ্ট অবিহনেই স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ নকৰাকৈয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰাৰ কৰ্তৃত্ব লাভ কৰাৰ লগতে তালাচী অভিযান চলাব পাৰিব আৰু সা-সামগ্ৰী জব্দও কৰিব পাৰিব। 

সীমান্তৰ সিপাৰৰ পৰা ড্ৰোনৰ জৰিয়তে কূটাঘাট সংঘটিত কৰা ঘটনা বৃদ্ধি পোৱালৈ চাই এই সিদ্ধান্ত লোৱা বুলি জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। আনহাতে বাংলাদেশ সীমান্তত বৃদ্ধি পোৱা একাধিক অবৈধ ব্যৱসায় ৰোধৰ বাবে অসম আৰু পশ্চিমবংগতো বিএছএফক অধিক ক্ষমতা প্ৰদান কৰা হৈছে। 

বিএছএফৰ সূত্ৰই সদৰী কৰা মতে এই চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে লাগি থকা অঞ্চলসমূহত অপৰাধৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। সূত্ৰটোৱে জনোৱা মতে গ্ৰেপ্তাৰ, তালাচী, জব্দৰ কৰ্তৃত্ব লাভ কৰিলেও প্ৰাৰম্ভিক সোধ-পোচৰ অন্তত ধৃত ব্যক্তিক ২৪ ঘণ্টাৰ ভিতৰত বিএছএফে স্থানীয় আৰক্ষীক গতাই দিবলৈ বাধ্য। কিয়নো সন্দেহযুক্ত অপৰাধীৰ বিচাৰ ক্ষমতা বিএছএফক আইনে প্ৰদান কৰা নাই। 

পঞ্জাৱ-পশ্চিমবংগৰ বিৰোধিতা

কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে পঞ্জাৱে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং ছন্নীয়ে কেন্দ্ৰৰ উক্ত সিদ্ধান্তক ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত আক্ৰমণ হিচাপে অভিহিত কৰিছে। এই ধৰণৰ সংবিধান বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈকো চৰকাৰক দাবী জনাইছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

'মই ভাৰত চৰকাৰৰ এই একপক্ষীয় সিদ্ধান্তক তীব্ৰ নিন্দা কৰিছো। এয়া ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ওপৰত পোনপটীয়া আক্ৰমণ। মই এই অবিবেচকী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অনুৰোধ জনাইছো।’-এক টুইটত এইদৰে কয় পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

পঞ্জাৱৰ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধৱায়ো এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা জনোৱা দেখা গৈছে। তেওঁ কৈছে, 'এখন পূৰ্ণ ৰাজ্যৰ ভিতৰত আৰক্ষী সদৃশ কাম কৰাৰ অধিকাৰ বিএছএফৰ নাই। বিএছএফৰ কাম সীমান্তৰ সুৰক্ষা সুনিশ্চিত কৰা।’ ৰাজ্যখনৰ বিৰোধী দল তথা একালৰ বিজেপিৰ সহযোগী শিৰোমণি আকালি দলেও কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী আখ্যা দিছে। আকালি দলৰ নেতা দলজিত সিঙে এনে সিদ্ধান্তক পিছ দুৱাৰেৰে পঞ্জাৱৰ আধাতকৈয়ো অধিক অঞ্চলত ৰাষ্ট্ৰপতি শাসন কৰাৰ লেখীয়া বুলি মন্তব্য কৰিছে।

কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰে। পশ্চিমবংগৰ পৰিবহণ মন্ত্ৰী তথা জ্যেষ্ঠ তৃণমূল নেতা ফিৰহাদ হাকিমে কেন্দ্ৰ এই সিদ্ধান্তক হঠকাৰী আৰু আক্ৰোশমূলক আখ্যা দিছে। 'কেন্দ্ৰ চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভৰিৰে মোহাৰি পেলাইছে। আইন-শৃংখলাৰ বিষয়টো পূৰ্ণ ৰাজ্যৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ৰাজ্যৰ অধীনস্থ। কিন্তু একনায়কত্ববাদী মোদী চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ জৰিয়তে বাৰে বাৰে ৰাজ্যৰ ভিতৰুৱা বিষয়তো অনাধিকাৰ হস্তক্ষেপৰ অপচেষ্টা অব্যাহত ৰাখিছে। এয়া গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক।’-এইদৰে কেন্দ্ৰক সমালোচনা কৰিছে হাকিমে।

অসম চৰকাৰৰ আদৰণি

বিএছএফক অধিক ক্ষমতা প্ৰদান কৰা কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে যোৱা ২৮ আগষ্টত AFSPAৰ ম্যাদ পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বিএছএফৰ ক্ষমতা বৃদ্ধিৰ সিদ্ধান্তৰ ফলত বাংলাদেশ সীমান্তৰ সৈতে লাগি থকা অসমৰ অঞ্চলসমূহত অপৰাধ যথেষ্ট পৰিমাণে হ্ৰাস পাব।

'এই সিদ্ধান্তৰ ফলত বিএছএফে স্থানীয় আৰক্ষীৰ সৈতে সন্মিলিতভাৱে কাম কৰি সীমাৰ সিপাৰৰ পৰা হৈ অহা বিভিন্ন অপৰাধ, অবৈধ সৰবৰাহ, প্ৰব্ৰজন আদি ৰোধ কৰিবলৈ সমৰ্থ হ’ব। কেন্দ্ৰৰ উক্ত সিদ্ধান্তই ৰাষ্ট্ৰীয় সুৰক্ষা আৰু স্বাৰ্থক অধিক সুদৃঢ় কৰিব।’-বিএছএফৰ ক্ষমতা আৰু কৰ্তৃত্ব বৃদ্ধি সন্দৰ্ভত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।  

বিপৰীতে অসমৰ বিৰোধী দল তথা জাতীয় দল-সংগঠনসমূহে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। দুটাকৈ নৱগঠিত জাতীয়তাবাদী ৰাজনৈতিক দলৰ দুজনকৈ শীৰ্ষ নেতাক এই সন্দৰ্ভত NNOৰ তৰফৰ পৰা প্ৰশ্ন কৰাত দুয়োজনে বিষয়টো সম্পৰ্কে অৱগত নহয় বুলি জানিবলৈ দিয়ে। একেদৰে এটা জাতীয় সংগঠনৰ এগৰাকীৰ শীৰ্ষ নেতায়ো বিষয়টো সম্পৰ্কে অজ্ঞতা প্ৰকাশ কৰে আৰু বিষয়টো জানি লৈ মন্তব্য কৰিব বুলি জনায়। (মন্তব্য প্ৰকাশ কৰিলে সেয়া লগে লগে এই বাতৰিতে আপডেট কৰা হ’ব)

উল্লেখ্য যে বাংলাদেশক স্পৰ্শ কৰি থকা অসমৰ সীমান্ত অঞ্চলৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় ২৬২ কিলোমিটাৰ। বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৈতে লাগি আছে অসমৰ ৪ খন জিলা। এই জিলা চাৰিখন হৈছে দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জ। অৰ্থাৎ বিএছএফৰ ক্ষমতাৰ পৰিসৰ বৃদ্ধিৰ ফলত এতিয়া এই ৪খন জিলাৰ অধিকাংশ অঞ্চলৰ লগতে জিলাকেইখনৰ গাতে লাগি থকা জিলাসমূহৰো কিছু অংশত পোনপটীয়া কৰ্তৃত্ব লাভ কৰিব বিএছএফে। 

মোদীয়েও কৰিছিল বিৰোধিতা

২০১২ চনত বিএছএফ এক্ট ১৯৬৮ সংশোধনৰ বাবে সংসদত উত্থাপন কৰিছিল তেতিয়াৰ মনমোহন সিং নেতৃত্বাধীন ইউপিএ চৰকাৰে। এই সংশোধনী প্ৰস্তাৱত বিএছএফক সীমান্তৰ উপৰিও সীমান্তৰ পৰা এক নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদানৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। ইউপিএ চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল তদানীন্তন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

মোদীয়ে প্ৰধানমন্ত্ৰী মনমোহন সিঙলৈ পত্ৰ লিখি উক্ত প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছিল। লগতে টুইটযোগে উক্ত প্ৰসংগক লৈ মনমোহন চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মোদীয়ে। ২০১২ চনৰ ১৪ এপ্ৰিলত সন্ধিয়া ৬ বাজি ৩৩ মিনিটত কৰা এক টুইটত মোদীয়ে লিখিছিল, 'বিএছএফ এক্ট ১৯৬৮ৰ সংশোধন হৈছে ৰাজ্যৰ ভিতৰতে দেশ সৃষ্টি কৰিব খোজা ইউপিএ চৰকাৰৰ আন এক আক্ৰোশমূলক পদক্ষেপ। এই সিদ্ধান্তৰ বিৰোধিতাৰে মই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছো।’

পত্ৰখনত বিএছএফৰ কাম যে কেৱল সীমান্তত সেই কথা স্পষ্টকৈ উল্লেখ কৰিছিল তেতিয়াৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সীমান্তৰ পৰিৱৰ্তে বিএছএফক ৰাজ্যৰ ভিতৰৰ আইন-শৃংখলাজনিত দিশসমূহত হস্তক্ষেপ কৰিবলৈ দিয়াতো সংবিধান বিৰোধী বুলিও মনমোহন সিঙক সকীয়াই দিছিল মোদীয়ে।

কি আছিল ইউপিএ চৰকাৰৰ সংশোধনী প্ৰস্তাৱত?

২০১২ চনত বিএছএফ এক্ট ১৯৬৮ৰ সংশোধনীৰ জৰিয়তে গুজৰাটত সীমান্তৰ পৰা ৮০ কিলোমিটাৰ অঞ্চলত বিএছএফক যিকোনো সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰৰ লগতে তেনে কাৰ্যৰ বিৰুদ্ধে তালাচী অভিযান তথা অবৈধ সামগ্ৰী জব্দ কৰাৰ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰা হৈছিল। গুজৰাটৰ লগতে উক্ত সংশোধনীৰ জৰিয়তে ৰাজস্থানৰ ৫০ কিলোমিটাৰ আৰু পঞ্জাৱ, অসম তথা পশ্চিমবংগৰ ১৫ কিলোমিটাৰ অঞ্চলত বিএছএফক ক্ষমতা প্ৰদান কৰিছিল তদানীন্তন ইউপিএ চৰকাৰে।  আনহাতে এই সংশোধনীত আন্তঃৰাষ্ট্ৰীয় সীমান্ত স্পৰ্শ কৰি থকা জম্মু-কাশ্মীৰ তথা উত্তৰ-পূবৰ ৫ ৰাজ্য মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড আৰু মিজোৰামৰ সমগ্ৰ ভূ-খণ্ডতে বিএছএফক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰা হৈছিল।

তাৎপৰ্যপূৰ্ণ যে, ইউপিএ চৰকাৰে উক্ত আইন সংশোধন কৰাৰ সময়ত গুজৰাটত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ বিপৰীতে ৰাজস্থানত আছিল ইউপিএ চৰকাৰ। আনহাতে আইনখন সংশোধনীৰ জৰিয়তে ইউপিএ চৰকাৰে গুজৰাটত সীমান্তৰ পৰা সৰ্বাধিক ৮০ কিলোমিটাৰ পৰ্যন্ত অঞ্চলত বিএছএফক ক্ষমতাশালী কৰি তোলাৰ পৰিৱৰ্তে কংগ্ৰেছ শাসিত ৰাজস্থানত সামৰি লৈছিল ৫০ কিলোমিটাৰ পৰ্যন্ত অঞ্চল।

গুৰুত্বপূৰ্ণ কথা এয়ে যে যিগৰাকী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হৈ থকা সময়ত বিএছএফক অধিক ক্ষমতা প্ৰদানৰ বিৰোধিতা কৰিছিল সেইগৰাকী মোদীয়ে যোৱা ১১ অক্টোবৰত বিজেপি বিৰোধী দুখন ৰাজ্যৰ লগতে বিজেপি শাসিত অসমতো বিএছএফক অধিক ক্ষমতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাৰ্থক্য এয়াই যে ২০১২ চনত মোদীয়ে তেতিয়াৰ প্ৰধানমন্ত্ৰীলৈ ইয়াৰ বিৰোধিতা কৰি পত্ৰ লিখিছিল আৰু টুইট কৰিছিল। এইবাৰ প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি সেই একেই টুইট কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং ছন্নীয়ে। বিপৰীতে ২০১২ চনত যিদৰে কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰৰ উক্ত সিদ্ধান্তক কংগ্ৰেছ শাসিত ৰাজ্যসমূহে আদৰণি জনাইছিল ঠিক একেদৰে এইবাৰো বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ উক্ত সিদ্ধান্তক আদৰণি জনাইছে বিজেপি শাসিত অসম চৰকাৰে।