গুৱাহাটী/কোকৰাঝাৰঃ কৰ’নাক লৈ বিশ্বজুৰি আতংক আৰু সাৱধানতা অৱলন্বন কৰি থকাৰ সময়তে নিৰ্বাচন আয়োগে স্থগিত ৰাখিছে বিটিচি নিৰ্বাচনক। শুকুৰবাৰে এক সংবাদমেলযোগে নিৰ্বাচন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই সংবাদমেলত কয় যে কৰ'না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে। নিৰ্বাচন আকৌ কেতিয়াকৈ অনুষ্ঠিত কৰা হ'ব সেই কথা এতিয়াই ক'ব পৰা নাযাব বুলিও সংবাদমেলত সদৰী কৰে নিৰ্বাচনী আয়ুক্তগৰাকীয়ে।

আয়ুক্তগৰাকীয়ে আৰু কয় যে মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ যিসকলৰ মনোনয়ন বৈধ হৈছে সেইসকলৰ তালিকা শীঘ্ৰেই প্ৰকাশ কৰা হ'ব আৰু সেইসকল প্ৰাৰ্থীৰ মাজতে পৰৱৰ্তী সময়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আয়োগৰ এই ঘোষণাৰ পিছত এতিয়া কোনো প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাতো অবৈধ হৈ পৰিব। আনহাতে নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ ফলত এতিয়া বিটিএডি আঞ্চলত জনসমাগম বন্ধ কৰাৰ ক্ষেত্ৰত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ কৰ্তৃত্ব লাভ কৰিব জিলা প্ৰশাসনে।

ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া

নিৰ্বাচন স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান নকৰাক লৈ ছ’চিয়েল মিডিয়াত নেটিজেনসকলে আজি দুপৰীয়া পৰ্যন্ত নেতিবাচক মন্তব্য প্ৰদান কৰি আহিছিল। বিশেষকৈ বৃহস্পতিবাৰে নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰি ভাৰতত অহা ২২ মাৰ্চত 'জনতাৰ সান্ধ্য আইন’ পালন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পিছতে ভিন্নজন ছ’চিয়েল মিডিয়াযোগে বিটিচি নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে। অসমৰ একাধিক টুইটাৰ ইউজাৰে টুইটাৰত ভাৰতীয় নিৰ্বাচন আয়োগক মেনশ্যন কৰি প্ৰশ্ন কৰিছে যে যি সময়ত কৰ’নাক লৈ সমগ্ৰ দেশবাসীয়ে সতৰ্কতা অৱলম্বন কৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে  'জনতাৰ সান্ধ্য আইন’ৰ কথা কৈছে সেই সময়ত বিটিএডিবাসীক দলনিত পোনা মেলাৰ দৰেকৈ নিৰ্বাচনত ব্যস্ত কৰি ৰখাৰ কাৰণ কি?

একাংশ টুইটাৰ আৰু ফেচবুক ইউজাৰে দেশৰ অন্যান্য প্ৰান্তৰ পৰিৱৰ্তে বিটিএডিবাসীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক নেকি বুলিও প্ৰশ্ন কৰিছে। 'সমগ্ৰ ভাৰতত ২২ মাৰ্চত জনতাই পালন কৰিব জনতাৰ সান্ধ্য আইন। কিন্তু সেইদিনা বিটিএডিবাসী ব্যস্ত থাকিব নিৰ্বাচনক লৈ। হয়তো বিটিএডিবাসীৰ ৰোগ প্ৰতিৰোধক ক্ষমতা ভাৰতৰ আন প্ৰান্তৰ লোকতকৈ অধিক। ভাৰত কিয়? অসমৰ বাকী ঠাইবোৰৰ লোকৰো ৰোগ প্ৰতিৰোধ ক্ষমতা কম। বিটিএডিত থকাসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। ইয়াত কৰ’নাই পাত্তা নাপায়। সেয়ে সকলোতে বন্ধ দিয়াৰ সময়ত ইয়াত নিৰ্বাচনী সভাত হাজাৰ হাজাৰ মানুহ একেলগে সমবেত হৈছে। আজৱ দুনীয়া।’-বিটিচি নিৰ্বাচন আৰু কৰ’না ভাইৰাছক লৈ এজন ফেচবুক ইউজাৰৰ মন্তব্য।  

মোদীৰ 'জনতাৰ সান্ধ্য আইন’ৰ দিনাই নিৰ্বাচনী প্ৰশিক্ষণ

সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ দেশবাসীক ২২ মাৰ্চ, দেওবাৰে 'জনতাৰ সান্ধ্য আইন’ পালন কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইদিনটোতেই বিটিচিৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে হাতত লৈছিল নিৰ্বাচনী প্ৰশিক্ষণ কাৰ্যসূচী। এই লৈ নিৰ্বাচনী দায়িত্ব লাভ কৰা কৰ্মচাৰীসকলৰ মনত শংকাৰ উদয় হোৱা দেখা গৈছিল। বহুতেই প্ৰশাসনৰ এনে সিদ্ধান্তক লৈ ভিতৰি ক্ষোভিত হৈ পৰাও পৰিলক্ষিত হৈছিল। অৱশেষত নিৰ্বাচন আয়োগৰ সংবাদমেলৰ পিছতেই সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে।

বড়োলেণ্ড ছাত্ৰ সন্থাৰ সংবাদ মেল

কৰ’নাতংকক লৈ সমগ্ৰ বিশ্বতে দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ মাজতে আজি বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউয়ে সন্থাৰ কোকৰাঝাৰস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেত সংগঠনটোৱে অহা ৪ এপ্ৰিলত হ’বলগীয়া বিটিচি নিৰ্বাচন সময়মতে বা তাৰ পূৰ্বেই অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰে। 

ছাত্ৰ সংগঠনটোৰ সভাপতি খৌৰৌমছাদ বসুমতাৰীয়ে কয় যে যিহেতু বৰ্তমানলৈকে এজনো কৰ’নাত আক্ৰান্ত ৰোগী বিটিএডি বা অসমত ধৰা পৰা নাই সেয়েহে নিৰ্বাচন অনুষ্ঠিত কৰাত কোনো বাধা থাকিব নালাগে। ভোটকেন্দ্ৰত কৰ’না ভাইৰাছৰ বিৰুদ্ধে লৱলগীয়া সাৱধানতা প্ৰয়োগ কৰি হ’লেও ভোটগ্ৰহণ ঘোষিত তাৰিখতে অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে সংগঠনটোৱে।

কৰ’না ভাইৰাছৰ ফলত পৰিস্থিতি বেয়া হোৱাৰ আশাংকা ব্যাক্ত কৰি প্ৰয়োজনত সময়তকৈ পূৰ্বেই অৰ্থাৎ মাৰ্চ মাহতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ সপক্ষেও মন্তব্য আগবঢ়াইছে বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএচইউৰ সভাপতি খৌৰৌমছাদ বসুমতাৰীয়ে। 'এপ্ৰিললৈ বহু দিন আছে। তেতিয়ালৈ কৰ’নাৰ বাবে পৰিৱেশ আৰু ভয়াৱহ হ’ব পাৰে। এতিয়া পৰিৱেশ ঠিকেই আছে। গতিকে এপ্ৰিলৰ পৰিৱৰ্তে ভোটগ্ৰহণ আগুৱাই দিলে যথেষ্ট ভাল হ’ব বুলি আমি ভাবো।’-এইদৰে কয় ছাত্ৰ সংগঠনটোৰ সভাপতি বসুমতাৰীয়ে। ছাত্ৰ সংগঠনটোৰ এনে দাবীৰ মাজতে নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচন আয়োগে।