২০১৮ ই মেলানি মাগিব হ’ল। পৰি ৰ’ল বহু ঘটনা-পৰিঘটনা। ইয়াৰে কিছু ঘটনা ইতিহাসৰ পাতত ৰৈ যাব¸ বাকীবোৰ পাহৰণিৰ গৰ্ভত। পিছে এই দেশত ’১৮ ত এনে কিছু ঘটনা ঘটিল যিবোৰ চমকলগা। এনে পাঁচটা ঘটনা এনেধৰণৰঃ

ঠগচ অব হিন্দুস্তানঃ আমিৰ খান¸ অমিতাভ বচ্চনৰ উপস্থিতি¸ কেটৰিনাৰ নৃত্য¸ ব্যয়সাপেক্ষ ভি এফ এক্স----- ৩৩৫ কোটিৰ ছবিখন কিন্তু মুখথেকেচা খালে বক্স অফিচত। ছবিৰ গল্পৰ গৰু গছ বগাই মহাকাশ পালেগৈ। ছ’চিয়েল মিডিয়াত এটাৰ পাছত এটাকৈ মিমচ ওলাল। ভাৰতীয় বিনোদন দুনীয়াত ২০১৮ চনত ইয়াতকৈ ডাঙৰ চমক চাগে’ অন্য নাই। 

ভুৰু জোকাৰি ভাইৰেলঃ মাথোঁ কেই ছেকেণ্ডৰ ভিডিঅ’ ক্লিপছ। সেয়াই দেশৰ যুৱ-মনত জোৱাৰ আনিলে। প্ৰিয়া প্ৰকাশ নামৰ অজনা ছোৱালীজনী চুকু টিপিয়াই¸ ভুৰু জোকাৰি মন জয় কৰিলে সকলোৰে। সেই মুহূৰ্ত ভাইৰেল হোৱাৰ পাছত প্ৰিয়া হৈ উঠিল ‘দেশ প্ৰিয়া’।

মিতালী ৰাজঃ ৰোহিত শৰ্মা¸ বিৰাট কোহলীক পিছ পেলাই টি টুৱেন্টিত বিশ্বৰ ভিতৰত সৰ্বোচ্চ ৰাণ কৰে মিতালীয়ে। ৩৫ বছৰৰ মিতালীয়ে ছোৱালী ক্ৰিকেট খেলাক লৈ যি অৱহেলাৰ দৃষ্টি তাক তচনচ কৰিলে। 

সুনীলৰ বিশ্বজয়ঃ ৰোণাল্ড’¸ মেছি¸ সুনীল চেত্ৰী। এতিয়া এয়াই বিশ্ব ফুটবলৰ ক্ৰম। জাতীয় দলৰ হৈ গোলৰ হিচাপত সুনীল এতিয়া তিনি নম্বৰত। এল এম টেন¸ চি আৰ চেভেনৰ পাছত তালিকাত নিজৰ নাম ৰাখি বিশ্ববাসীক চমক দিলে সুনীলে। 

বাই বাই প্লাষ্টিকঃ প্লাষ্টিক বৰ্জন আজিও সম্ভৱ হোৱা নাই কোনো এখন ৰাজ্যৰ বাবে। কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যত প্লাষ্টিক ব্যৱহাৰ¸ নিৰ্মাণ¸ ক্ৰয়¸ আমদানি¸ ৰপ্তানি¸ জমা কৰা সকলোতে নিষেধাজ্ঞা জাৰি কৰিছে। লগতে থাৰ্মোকলৰ সামগ্ৰীও নিষিদ্ধ। এই সিদ্ধান্ত ঐতিহাসিক আৰু চমকলগা। 

এয়া এপাচি শাকত এটা জালুকৰ সমান৷ এনে বহু চমক লগা ঘটনা আছে যিবোৰ ভাৰতবাসীৰ বাবে মনত ৰাখিব লগীয়া।