লালুকঃ সমগ্ৰ বিশ্বতে কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সময়তে জনসাধাৰণৰ মাজতো এই ৰোগটো প্ৰতিৰোধ কৰাৰ বাবে সজাগতা বৃদ্ধিৰ লক্ষ হাতত লৈছে মাৰোৱাৰী যুৱ মঞ্চই।

কৰ্কট ৰোগ হোৱা মানেই যে মৃত্যু নহয়, প্ৰাথমিক অৱস্থাত চিকিৎসাৰ যোগে এই ৰোগৰ পৰা যে মুক্তি পাব পাৰি আৰু মানৱ শৰীৰত হোৱা প্ৰায় এক তৃতীয়াংশ কৰ্কট ৰোগেই প্ৰতিৰোধযোগ্য- এই সকলোবোৰ কথাই বিতংকৈ ৰাইজক জনোৱাৰ বাবে লখিমপুৰত আয়োজন কৰা হৈছে এক সজাগতা শিবিৰ।

মাৰোৱাৰী যুৱ মঞ্চ তথা প্ৰগতি শাখা উত্তৰ লখিমপুৰৰ উদ্যোগত ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা এই কৰ্কট ৰোগৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ সকলোৰে বাবে খোলা থাকিব।

উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৰোগীক সেৱা প্ৰদান কৰিব বুলি মাৰোৱাৰী যুৱ মঞ্চৰ উত্তৰ লখিমপুৰৰ অধ্যক্ষ মনোজ ভৰদ্বাজ, উপদেষ্টা নৰেশ দিনোদিয়া, আঁচনি সমন্বয়ক ৰাজ চৌধুৰী, সম্পাদক ৰঞ্জন ছাহে এক সংবাদ মেল যোগে জানিবলৈ দিয়ে।