প্ৰতিকী ফটো
প্ৰতিকী ফটো

পাঞ্জাবাৰীঃ মহানগৰীৰ পাঞ্জাবাৰীত বিগত বছৰবোৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ব প্ৰাইজমানি কেৰম প্ৰতিযোগিতা৷

আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অহা ১৫ আগষ্টত পাঞ্জাবাৰীৰ বতাহঘুলিৰ জনশিমলু যুৱক সংঘৰ উদ্যোগত সদৌ গুৱাহাটী ভিত্তিত প্ৰাইজমানি একক কে’ৰম প্ৰতিযোগিতাৰ অনুষ্ঠিত হ’ব৷

ইচ্ছুক প্ৰতিযোগীসকলক সংঘৰ সাধাৰণ সম্পাদক পৱন কুমাৰ দাস আৰু ক্ৰীড়া সম্পাদক দীপু ৰয়ে ৯৭০৬৬২২০২৩ অথবা ৯৮৬৪৯৪৯০০৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।