ডিজিটেল ডেস্কঃ দেশৰ ছখনকৈ ৰাজ্যত এটিএমত টকা নোহোৱা হোৱাক লৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে দিয়া উত্তৰত সন্তুষ্ট হ’ব পৰা নাই জনসাধাৰণ। বিমুদ্ৰাকৰণৰ দিনৰ এটিএমৰ আগৰ সেই দীঘলীয়া শাৰীৰ দিন ঘুৰি আহিব বুলি ভাবি একাংশ নাগৰিক, ব্যৱসায়ীয়ে শংকাত সময় কটোৱাৰ বিপৰীতে এচামে ফেচবুক, টুইটাৰত আৰম্ভ কৰিছে কেন্দ্ৰ চৰকাৰৰ সমালোচনা।

কিয় নোহোৱা হ'ল কেশ্ব, পঢ়ক এই বাতৰিঃ

http://www.newsnextone.com/cash-crunch-all-over-india-arun-jaitly-says-its-temporary

এচামে তাতোকৈ আগবাঢ়ি আৰম্ভ কৰিছে ব্যংগ। এনেদৰে বৃহৎ হাৰত নগদ ধনৰ অভাৱ ঘটা বিষয়টোক কেন্দ্ৰ কৰি ভাৰত চৰকাৰৰ 'কেশ্বলেচ ইণ্ডিয়া’ক কটাক্ষ কৰি বহুতেই লিখিছে টুইটাৰত। এনেদৰেই ট্ৰলৰ সোঁত বৈছে টুইটাৰত। 

No money in ATM.
Finally, we have cashless India! #cashcrunch

— Vaishali Singh (@imvaishalisingh) April 17, 2018

আগতে ড্ৰাই ডে আছিল সুৰাৰ। আজিকালি নগদ ধনৰো ড্ৰাই ডে পৰিল। এনেদৰে টুইটাৰত কেশ্ববিহীন এটিএমক লৈ আমোদজনক পোষ্ট চেতন ভগতৰ।

There used to be dry days for alcohol. Now there are dry days for cash. #CashCrunch

— Chetan Bhagat (@chetan_bhagat) April 17, 2018