ডিজিটেল ৰিপ'ৰ্টঃ এটা ধুনীয়া কবিতাৰ ভিডিঅ'। বৰ্তমান Social Mediaত জনপ্ৰিয় হৈ পৰা কবিতাটো নামনি অসমৰ নলবাৰীৰ কথিত ভাষাত ৰচনা কৰা হৈছে। জন্মদাত্ৰীয়ে নিজে নাখায়ো কষ্ট কৰি পুত্ৰক বৰ মানুহ কৰি তোলাৰ পিছত সেই পুত্ৰই কিদৰে সকলো পাহৰি যায় তাৰেই বৰ্ণনা দিয়া হৈছে কবিতাটোত। সম্পূৰ্ণ বাস্তৱতাৰে ভৰপূৰ কবিতাটোৰ শিৰোনামো আকৰ্ষণীয় "চানা আপা"।

কবিতাটোৰ কথাখিনি সাম্প্ৰতিক সময়ত কোনোপধ্যে নুই কৰিব নোৱাৰি। কবিতাটিৰ ৰচনা আৰু পাঠ উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ। কবিতাটিক ভিডিঅ' ৰূপ দিছে 21 Century Savage Studio-ই। বৰ্তমান সময়ত বহুক্ষেত্ৰত নামনি অসমৰ ভাষাটো কেৱল সস্তীয়া কৌতুক কৰাৰ বাবে ব্যৱহাৰ কৰাৰ বিপৰীতে কবিতাটোৰ শক্তিশালী উপস্থাপনে মানুহৰ মনত নতুন চিন্তাৰ উদয় কৰিব বুলি আশা কৰিব পাৰি।

কবিতাটো সন্দৰ্ভত জনপ্ৰিয় কবি, সাংবাদিক প্ৰাঞ্জল এ শৰ্মাই সমালোচনা আগবঢ়াই কৈছে, "কবি উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ 'চানা আপা' হৈছে নলবেইৰা কঠিত শৈলীত ৰচনা কৰা সাম্প্ৰতিক সময়ৰ অসমীয়া কাব্যক্ষেত্ৰত এক অনবদ্য সংযোজন। কবিতাটোৱে এক দীঘলীয়া সমাজ জীৱনৰ পৰিক্ৰমাক সামৰি লৈছে। অতি কম বাক্য ব্যৱহাৰ কৰি কবিয়ে এটি শিশুৱে প্ৰাপ্তবয়স্ক হোৱালৈ দীঘলীয়া সময়খিনিক সামৰি ল'বলৈ সক্ষম হৈছে।"

আৰম্ভণিতে কবিয়ে এগৰাকী চেনেহী মাতৃয়ে নিজৰ হেঁপাহৰ একমাত্ৰ সন্তানটোক নিজে নাখায়ো ভাতমুঠি খুওৱাৰ চিত্ৰ পৰিস্ফুত হৈছে। 'এটু ঘৰাদ্দিমা, এটু ৰাজাদ্দিমা..' এই বাক্যটোৱে মাতৃস্নেহৰ অপত্য আব্দাৰক সুন্দৰকৈ তুলি ধৰিছে।

কবিতাটোত বৰ্ণিত চৰিত্ৰ তিনি'টা (মালতী,চানা আপা আৰু মাষ্টৰ) যদিও এই তিনিটা চৰিত্ৰৰ সহায়তে এখন সমাজৰ সহস্ৰ চৰিত্ৰক কবিয়ে তুলি ধৰিবলৈ সমৰ্থ হৈছে।

আমাৰ সমাজত হেজাৰ মালতী আছে, যিয়ে আনৰ ঘৰে ঘৰে কাম কৰি হ'লেও নিজৰ সন্তানটোক মানুহ কৰিব বিচাৰে। তাৰ বাবে যথেষ্ট কষ্টও কৰে। সেই দৃশ্য কবিতাটোত স্পষ্ট হৈছে। কবি সফল। হেজাৰ বাধা বিঘিনি নেওচিও কেৱল পিতৃ মাতৃৰ দুচকুত অলপ হাঁহিৰ তিৰবিৰণি আনি দিবলৈ বহু 'চানা আপা'ই সফলতা লাভৰ বাবে কষ্ট কৰে, ভালকৈ অধ্যয়ন কৰি ভাল ফলাফল লাভ কৰে।

সেই সকলো চানা আপাৰ প্ৰতিনিধিয়েই হৈছে উদ্দীপ্তৰ কল্পনাৰ চানা আপা। সংলাপগত দিশত একো অৱদান চানা আপাক কবিয়ে দিয়া নাই যদিও মূল চৰিত্ৰ চানা আপাক কবিতাটোৰ পঠন আৰু শ্ৰৱণৰ সময়ত চকুৰ আগত ভাহি উঠা দেখা যায়।

লক্ষী মাষ্টৰ হৈছে একোখন মফচলীয় সমাজৰ বুদ্ধিদ্বিপ্ত চামটোৰ প্ৰতিনিধি। সমাজ এখনৰ শিক্ষক গোটটো হৈছে দিগদৰ্শক। লক্ষী মাষ্টৰে চানা আপাক 'সনাৰ বাপা' বোলা কথাটোৱেই মালতীৰ প্ৰতিপালনক সেই সমাজখনে কিদৰে শলাগ লয়, তাকে স্পষ্ট কৰিছে।

কবিতাটোৰ শেষত কবিয়ে কাব্য সাফল্যৰ চূড়াত অধিস্থান কৰিছে। কবিয়ে কবিতাটোৰ 'কনক্ল্যুজন'টো পাঠকলৈ অতি চতুৰতাৰে থেলি দিবলৈ সক্ষম হৈছে। 

"চানা আপা গ'ল যে গ'লেই, আৰু ঘূৰি নাহিল। এই কথাটোৱে পাঠকক চিন্তা আৰু কল্পনাৰ অৱকাশ দিছে। আমি এতিয়া চানা আপানো কিয় ঘূৰি নাহিল, তাকে লৈ নিজস্ব কল্পনা কৰিব পাৰো। হয়তো চানা আপাই ডাঙৰ মানুহ হৈ মাকক বা ঘৰখনক পাহৰি গৈছে। মাকৰ কষ্টক পাহৰি নিজৰ জীৱনত ব্যস্ত হৈছে। অথবা চানা আপাৰ অকাল বিয়োগ হৈছে। চানা আপাক কোনোবাই হত্যা কৰিছে নেকি। এইধৰণৰ অজস্ৰ কল্পনা আমাৰ বাবে ৰৈ যায়।"-কবিতাটোৰ সামৰণিৰ পিছতো ৰৈ যোৱা দিশটোৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ এইদৰে কয় এ শৰ্মাই।

শৰ্মাৰ মতে, কবিতাটোৰ আটাইতকৈ ভাললগা দিশটো হৈছে চিত্ৰকল্পৰ অনবদ্য ব্যৱহাৰ। কবিতাটো শুনি গৈ থাকোতে চিনাকি গাওঁ এখন চিনেমাৰ দৰে চলি গৈ থাকে। এটা দীঘলীয়া পৰিক্ৰমাক অতি কম সময়ৰ ভিতৰত চুটি ছবিৰ দৰে উপভোগ কৰাৰ সুযোগ দিছে কবিতাটোৱে।

কবিতাটো ৰচনাৰ সময়ত কবিয়ে 'মেটাফৌৰ'ৰ চতুৰ ব্যৱহাৰ কৰাত সফল হৈছে। মালতীৰ চকুলোক নিয়ৰৰ সৈতে তুলনা কৰি কবিয়ে প্ৰমাণ কৰিছে যে তেওঁ ব্যঞ্জনাৰ এজন নিপুণ কাৰিকৰ।কবিতাটোৰ ৰেকৰ্ডেদ ৰূপক অধিক শ্ৰুতি মধুৰ কৰি তুলিছে ব্যৱহৃত সংগীতে। বাঁহীৰ কৰুণ সুৰ এটিয়ে এডাল সূতাৰ দৰে কবিতাটোক বান্ধি পেলাইছে। কবি উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্যৰ পৰা আগলৈ আৰু ভাল কবিতা আশা কৰিব পাৰি বুলিও মন্তব্য কৰিছে প্ৰাঞ্জল এ শৰ্মাই।