নতুন দিল্লীঃ অৱশেষত ইছৰ’ই টুইটাৰৰ যোগে ঘোষণা কৰিলে চন্দ্ৰযান-২ উৎক্ষেপনৰ তাৰিখ৷ ১৫ জুলাইত স্থগিত কৰা উৎক্ষেপনৰ পাছত ২২ জুলাই দুপৰীয়া ২.৪৩ বজাত চন্দ্ৰযান-২ উৎক্ষেপন কৰা হ’ব৷

চন্দ্ৰযান–২ ত সমস্যাই দেখা দিয়া Cryogenic Stageত হোৱা হিলিয়াম লিকেজ ঠিক কৰা হ’ল৷ চন্দ্ৰযান–২ ১৫ জুলাইৰ পুৱতি নিশা ২.৫১ বজাত দেশৰ আটাইতকৈ শক্তিশালী ৰকেট GSLV-MK3ৰপৰা উৎক্ষেপণ কৰাৰ কথা আছিল। 

কিন্তু ৫৬.২৪ মিনিট পূৰ্বে কাউণ্টডাউন স্থগিত কৰা হৈছিল কাৰণ GSLV-MK3 ৰকেটৰ Cryogenic Stageৰ কমাণ্ড গেছ বটলত প্ৰেছাৰ লিকেজ আছিল। 

যাৰ বাবে হিলিয়ামেৰে ভৰ্তি হৈ আছিল। ইয়াৰ জৰিয়তে ক্ৰায়জেনিক ইঞ্জিনত ভৰ্তি হৈ থকা Liquid Oxygen আৰু Liquid Hydrogenক ঠাণ্ডা ৰখাত সহায় কৰে। হিলিয়াম লিকেজৰ বাবে মিছন স্থগিত কৰি ৰখা হৈছিল। 

আনহাতে, শেষত টুইটাৰ যোগেৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানটোৱে(ইছৰ’) ২২ জুলাইৰ দিনটোত উৎক্ষেপনৰ দিন ধাৰ্য কৰিছে বুলি প্ৰকাশ কৰে৷