আছিকুৰ ৰহমান, চৰাইদেউঃ ৰূপালী জয়ন্তী বৰ্ষৰ দুৱাৰডলিত ভৰি দিয়া চৰাইদেউ জিলাৰ সংবাদকৰ্মী সকলৰ অন্যতম উমৈহতীয়া মঞ্চ "সোণাৰি প্ৰেছ ক্লাব"ৰ  নতুন সমিতি খন আজি পুনৰ গঠন কৰা হয়। 

প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি ৰফিক আহমেদৰ পৌৰহিত্যত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত সাধাৰণ সভা যোগে দৈনিক জনমভূমিৰ সাংবাদিক আলিম আহমেদক সভাপতি, ইমদাদ  হুছেইনক কাৰ্যকৰী সভাপতি, নিউজ১৮অসম/নৰ্থ-ইষ্টৰ সাংবাদিক হানচেং কোঁৱৰক সম্পাদক হিচাপে লৈ ২০১৯-২১ বৰ্ষৰ বাবে সোণাৰি প্ৰেছ ক্লাবৰ সমিতিখন গঠন কৰা হয়।

উল্লেখযোগ্য যে ২০১৮ বৰ্ষত প্ৰেছ ক্লাবৰ অধিৱেশনত যোগে নতুন সমিতি গঠন কৰা হৈছিল যদিও সভাপতিয়ে ব্যক্তিগত অসুবিধাৰ বাবে অব্যাহতি লোৱাত সাধাৰণ সভাযোগে আজি পুনৰ নতুন সমিতি খন গঠন কৰা হয়।

সমিতিখনৰ উপাসভাপতি দিপাংকৰ পাল (নিয়মীয়া বাৰ্তা), ব্যাস চৌবে (পূৰ্বাঞ্চল প্ৰহৰী), কোষাধ্যক্ষ শংকৰলাল আগৰৱালা (দৈনিক পূৰ্বোদয়), সহকাৰী সম্পাদক অভিজিৎ ভূঞা (গণ অধিকাৰ ), আব্দুল জব্বৰ (নিয়মীয়া বাৰ্তা)কে ধৰি ২১ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।