লাহোৱালঃ ১৭ বছৰ অনুৰ্ধ প্ৰাইজমানি দবা প্ৰতিযোগিতাত খিতাপ জয় কৰিছে ডিব্ৰুগড়ৰ আভাষ ৰমিয় শইকীয়াই।

বৰহাপজান ব্ৰহ্মপুত্ৰ স্পৰ্টছ  কচিং চেণ্টাৰৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাখন যোৱা  ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈকে চাহ মজদুৰ চেন্ট্ৰেল হাইস্কুলত অনুষ্ঠিত হয়। 

প্ৰথম দহটা স্থানত থকা আন খেলুৱৈসকল হৈছে টুহিন কাশ্যপ, দেৱাশিষ পৰাশৰ, ভাস্কৰজ্যোতি বৰা, অভিলাস দত্ত, তানিসা এ আৰ সোম, আৰোহণ শইকীয়া, দিব্যাংশু লাহন, নবাব মুক্ৰিল জাদিদ আৰু কৃতিবাস দেৱশৰ্মা।

প্ৰতিযোগিতাখনত ১ লাখ টকাৰ প্ৰাইজমানি আছিল। প্ৰাইজমানি আগবঢ়াইছে দুলীয়াজান অইলে।